অসম

assam

ETV Bharat / state

লক্ ডাউনঃ চাহ দোকানৰে জীৱিকা নিৰ্বাহ বাদ্যযন্ত্ৰীৰ - বাদ্যযন্ত্ৰী শিল্পী হৈছে কুশল বৰ্মন

লক্ ডাউনৰ বাবে দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে সাধাৰণ শিল্পী সকলে ৷ চলিত বৰ্ষত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান নথকাৰ বাবে তীব্ৰ আৰ্থিক সংকটে দেখা দিছে পৰিয়াল সমূহৰ মাজত ৷ চৰকাৰলৈ সহায় বিচাৰিছে শিল্পী সকলে ৷

NALBARI MUSACIAN PATHETIC STORY
লক্ ডাউনঃ চাহ দোকানৰে জীৱিকা নিৰ্বাহ শিল্পীৰ

By

Published : May 7, 2020, 8:46 PM IST

নলবাৰী, 7 মে' : দুমাহ যোৰা লক্ ডাউনৰ বাবে ৰাজ্যৰ শিল্পী সকলৰ জীৱনলৈ এক অনাকাংক্ষিত বিপদ নামি আহিছে ৷

নলবাৰী জিলাৰ এগৰাকী জনপ্ৰিয় বাদ্যযন্ত্ৰী শিল্পী হৈছে কুশল বৰ্মন ৷ বহু কেইগৰাকী জনপ্ৰিয় শিল্পীৰ সংগীতানুষ্ঠানত বাদ্যযন্ত্ৰী হিচাপে সহায় কৰা কুশল বৰ্মনৰ চলিত বৰ্ষত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নোহোৱাৰ বাবে তীব্ৰ আৰ্থিক সংকটে দেখা দিছে ৷

যাৰবাবে উপায়বিহীন হৈ শিল্পী গৰাকীয়ে ঘৰৰ সন্মুখতে এখন সৰু চাহ দোকান দি পৰিয়াল পোহপাল দিব লগা হৈছে ৷

লক্ ডাউনঃ চাহ দোকানৰে জীৱিকা নিৰ্বাহ শিল্পীৰ

ইয়াৰ লগতে শিল্পী গৰাকীয়ে আৰ্থিকভাবে দুৰ্বল শিল্পী সকলক চৰকাৰে সহায় কৰিবৰ বাবে অনুৰোধ জনাইছে ৷

উল্লেখযোগ্য যে, অসমৰ প্ৰখ্যাত শিল্পী দীপেন বৰুৱা, তৰালী শৰ্মাৰ লগতে অসম বিভিন্ন শিল্পী সকলৰ লগত বাদ্যযন্ত্ৰ বজাই আহিছিল শিল্পী কুশল বৰ্মনে ৷

ABOUT THE AUTHOR

...view details