নলবাৰী,21 জুন : সোমবাৰে নলবাৰীৰ গন্ধিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । স্বামীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি উপায়ন্তৰ হৈ পত্নীয়ে ডিঙি ৰেপি হত্যা কৰিলে স্বামীক । পত্নীৰ গৃহতে সোমবাৰে পুৱা ঘটিল হৈছে এই হত্যাকাণ্ডটো । নিহত ব্যক্তি গৰাকীৰ নাম দুলুমণি শৰ্মা ৷ হত্যাকাণ্ড সংঘটিত কৰা মহিলাগৰাকীৰ নাম ৰেখা দেৱী । পৰিয়াল কেন্দ্ৰিক সংঘাটৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
ঘটনাৰ বিৱৰণি অনুসৰি, দুলুমণি শৰ্মা আৰু ৰেখা দেৱীৰ মাজত সঘনে কাজিয়াৰ সূত্ৰপাত ঘটে ৷ আনদিনাৰ দৰে, দেওবাৰে নিশাও 50 হাজাৰ টকাৰ বাবে কাজিয়াৰ সূত্ৰপাত ঘটে দুয়ো স্বামী-স্ত্ৰীৰ মাজত ৷ অভিযোগ অনুসৰি, দুলুমণি শৰ্মাই পত্নী ৰেখা দেৱীৰ পৰা বিচাৰিছিল 50 হাজাৰ টকা ৷ কিন্তু পত্নী ৰেখা দেৱীয়ে স্বামী দুলুমণি শৰ্মাক বিচৰা টকা দিবলৈ অমান্তি হৈছিল ৷ যাৰ ফলত দুয়ো স্বামী-স্ত্ৰী তৰ্কযুদ্ধত লিপ্ত হয় ৷