নলবাৰী,17 অক্টোবৰ:যিসময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে সাগৰৰ তীৰত পৰি থকা প্লাষ্টিক আৱৰ্জনা নিজ হাতেৰে বুটলি দেশৰ জনসাধাৰণক প্লাষ্টিক বৰ্জনৰ আহ্বান জনাই এখন স্বচ্ছ দেশ গঢ়ি তোলাত ব্ৰতী হৈছে সেইসময়তে নলবাৰী পৌৰসভাই চহৰখনত সংঘটিত কৰিছে এক টোঘলকী কাণ্ড ৷ চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি কামৰূপ-নলবাৰী সীমান্তৰ সদাব্যস্ত 31নং ৰাষ্ট্ৰীয় ঘাইপথক পেলনীয়া আৱৰ্জনা পেলোৱাৰ এক ডাম্পিং গ্ৰাউণ্ডত পৰিণত কৰিলে নলবাৰী পৌৰসভাই ৷ তথ্য অনুসৰি কামৰূপ গ্ৰাম্যৰ ৰঙিয়া আৰু নলবাৰী জিলাৰ সীমান্তৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত পৌৰসভাই বহুদিন পৰাই চহৰখনৰ গেলা পচা আৱৰ্জনাৰ লগতে মৃত জীৱ-জন্তু পেলোৱা ডামপিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰি আহিছে যাৰ ফলত 31নং ঘাইপথৰ সেই পথচোৱাত এতিয়া গেলা দুৰ্গন্ধত সাধাৰণ ৰাইজে অতিক্ৰম কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ চৰম মইমতালিৰে পৌৰসভাই সম্পাদন কৰা কাৰ্যৰ ফলত এতিয়া নাকত ৰুমাল লৈ পথচোৱা অতিক্ৰম কৰিব লগা হৈছে সাধাৰণ ৰাইজে ৷
স্বচ্ছ ভাৰতক অংগুষ্ঠ : নলবাৰীত কৰ্দযময় 31নং ৰাষ্ট্ৰীয় ঘাইপথ - dumping ground at public environment
নলবাৰী পৌৰসভাৰ অদ্ভুত কাণ্ড ৷ কামৰূপ-নলবাৰী সীমান্তত ডাম্পিং গ্ৰাউণ্ডত পৰিণত কৰিলে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথক ৷ দুৰ্গন্ধময় পৰিৱেশত দুৰ্ভোগ ভুগিছে ৰাইজে ৷
উল্লেখযোগ্য যে,যি সময়ত ভাৰতবৰ্ষত স্বচ্ছ ভাৰত মিছনৰ দৰে অভিযান কাৰ্যকৰী কৰা হৈছে,কলি পৰিৱেশত জাৱৰ-জোথৰ পেলোৱাৰ পৰা বাৰণ কৰিছে তেনেস্থলত নলবাৰী পৌৰসভাৰ এই কাণ্ডৰ দ্বাৰা কি সূচাব বিচাৰিছে তাক লৈ এতিয়া নলবাৰীৰ সচেতন মহলত প্ৰশ্নৰ অৱতাৰণা হৈছে ৷ যি সময়ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশক প্লাষ্টিক মুক্ত কৰি এখন স্বচ্ছ ভাৰতবৰ্ষ হিচাপে গঢ়ি তুলিব বিচাৰিছে,তেওঁৰ এই সপোন কেৱল সপোন হৈয়ে ৰ'ব নেকি? এই বিষয়টো তথা 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডাম্পিং গ্ৰাউণ্ড আতৰাই ঘাইপথটো আৰু ইয়াৰ চৌপাশ পৰিস্কাৰ কৰি তোলাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত নলবাৰী পৌৰসভাই কি ব্যৱস্থা গ্ৰহণ কৰে আগন্তুক সময়ত সেয়াহে লক্ষণীয় হ'ব ৷