নলবাৰী, ৩ ফেব্ৰুৱাৰী: বৰষুণৰ পানী সংৰক্ষণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে দেশজুৰি 'Catch the Rain' শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে । দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো আৰম্ভ কৰা হৈছে এই সজাগতামূলক অভিযান । বুধবাৰে নলবাৰী জিলা প্ৰশাসনৰ সহযোগিতাত নেহৰু যুৱ কেন্দ্ৰই জিলাখনত 'Catch the Rain' শীৰ্ষক অভিযানৰ শুভাৰম্ভণি কৰে । আনুষ্ঠানিকভাৱে এই অভিযানৰ শুভাৰম্ভণি কৰে জিলা উন্নয়ন আয়ুক্ত অভিজিৎ সিনহাই । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত এই সজাগতামূলক অভিযানৰ বিষয়ে বিষদ ব্যাখ্যা দাঙি ধৰে নলবাৰী জিলা নেহৰু যুৱ কেন্দ্ৰৰ সমন্বয়ক হীৰকজ্যোতি বৰ্মনে ।
তেওঁ কয় যে, যদিও অসমত এতিয়ালৈকে বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান আদি ৰাজ্যত হোৱাৰ দৰে পানীৰ অভাৱ হোৱা নাই তথাপি পানীৰ অপব্যৱহাৰৰ ফলত অতি সোনকালে পানীৰ নাটনিয়ে দেখা দিব । সেয়ে, কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰণালয়ে পানীৰ সু-ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৰষুণৰ পানী সংৰক্ষণ কৰাৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে ।