ঘূৰাই দিলে বিতৰ্কিত বিয়াত দিয়া সা-সামগ্ৰী নলবাৰী,১৯ মাৰ্চ: নলবাৰীৰ বিতৰ্কিত বৰখানাজানৰ বিয়াখনে পুনৰ এবাৰ সংবাদ শিৰোনাম দখল কৰিছে (Nalbari marriage controversy) । দৰাই মদ্যপান কৰি হোমৰ গুৰিতে শুই পৰাক লৈ ভাইৰেল হৈ পৰিছিল বিয়াখন ৷ সমগ্ৰ ঘটনা পোহৰলৈ অহাত বিয়াখন বাতিল হৈছিল (Assam drunk groom incident) । দৰাই কইনাক, কইনাই দৰাক দুয়ো দুয়োৰে লগত বিয়াত নবহো বুলি স্থিতি স্পষ্ট কৰিছিল । তাৰ পিচতেই দুয়োখন ঘৰে দুয়োখন ঘৰৰ ওপৰত ক্ষতিপূৰণ আৰু জোৰোণত দিয়া আ-অলংকাৰ বস্ত্ৰ, সামগ্ৰীবোৰ ওভোতাই খুজি কাষ চাপিছিল নলবাৰী আৰক্ষী থানাৰ ।
বৰ্তমান প্ৰায়েই শাম কাটিছে উক্ত বিতৰ্কই । অৱশেষত নলবাৰী আৰক্ষী থানা চৌহদত উপস্থিত দৰা- কইনা উভয় পক্ষ আ-অলংকাৰ লৈ । দুয়োপক্ষই নলবাৰী আৰক্ষীৰ ওচৰত পৃথকে পৃথকে দাখিল কৰিছিল এজাহাৰ । শনিবাৰে নিশা আৰক্ষীৰ উপস্থিতিত দুয়োপক্ষই জোৰণ আৰু বিয়াৰ দিনা দিয়া আ- অলংকাৰ, কাপোৰ আদি চুক্তিপত্ৰত স্বাক্ষৰ কৰি ওভতাই লয় দুয়োপক্ষই (Nalbari controversial wedding) ।
উল্লেখযোগ্য যে, যোৱা ৯ মাৰ্চত বিবাহৰ দিনা হোমৰ গুৰিত দৰা অস্থিৰ হৈ শুই গৈছিল আৰু তেতিয়াই কইনাই বিয়াত নবহাৰ সিদ্ধান্ত লৈছিল ৷ তাৰে পিছতেই দুই পক্ষৰ মাজত চলি আছিল অভিযোগ প্ৰতিঅভিযোগ । নিজৰ লজ্জা নিবাৰণ কৰিবলৈ দৰা প্ৰসেনজিতে সংবাদ মাধ্যমৰ আগত নিজৰ এঞ্জাইটি থকা বুলি উল্লেখ কৰিছিল (Groom drunk at weeding) ৷ সেই এঞ্জাইটিৰ বাবেহে হেনো প্ৰসেনজিতে হোমৰ গুৰিত বহি থাকিব নোৱাৰিলে বুলি উল্লেখ কৰিছিল ৷
ইফালে হ’ব লগা স্বামীৰ এঞ্জাইটি থকা বুলি গম নাপাওঁ বুলি মন্তব্য কৰিছিল কইনাই ৷ কইনাৰ সুৰতে সুৰ মিলাই নিজৰ স্থিতিত থাকি আত্মপক্ষ সমপৰ্থনৰ প্ৰচেষ্টা চলাইছিল কইনাৰ পৰিয়ালে ৷ ইয়াৰ পাছতে হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছিল দৰা আৰু কইনা উভয় পক্ষ (Bride call off weeding in Nalbari) ৷ শেষত উপায়ন্তৰ হৈ নলবাৰী আৰক্ষীৰ ওচৰ চাপিছিল দুয়োপক্ষই ৷ অৱশেষত আৰক্ষীৰ উপস্থিতিত দুয়োপক্ষই নিজৰ নিজৰ সামগ্ৰী বোৰ উভতাই লৈ ওৰ পেলালে বহু বিতৰ্কিত খণ্ডযুদ্ধখনৰ ।
লগতে পঢ়ক:Gariya Mariya Desi Jatiya Parishad: পাঁচ খিলঞ্জীয়া মুছলমান গোষ্ঠীক অ’বিচিৰ মৰ্যাদা প্ৰদানৰ দাবী