নলবাৰী,1 ডিচেম্বৰঃযিসময়ত সমগ্ৰ দেশতে একাংশ লোকে বিভিন্ন ধৰণে সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ চেষ্টা কৰি আহিছে, সেই সময়তেই নলবাৰীৰ এটা বিশেষ অঞ্চলে দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন ৷ হিন্দু-মুছলমানৰ মিলনভূমি হিচাপে চিহ্নিত নলবাৰীৰ কুমাৰীকাটা বাসীয়ে দাঙি ধৰিলে এই সম্প্ৰীতি ৷ অঞ্চলটোত ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কৰিবলৈ লোৱা মছজিদৰ ছাঁদৰ আধাৰশিলা স্থাপন কৰিলে বিশিষ্ট নাগাৰা নামৰ শিল্পী ৰামচৰণ ভড়ালীয়ে ।
নলবাৰীৰ কুমাৰীকাটা বাসীয়ে দাঙি ধৰিলে সম্প্ৰতিৰ নিদৰ্শন - Nalbari Kumarikata
নলবাৰীৰ এটা বিশেষ অঞ্চলে দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন ৷ হিন্দু-মুছলমানৰ মিলনভূমি হিচাপে চিহ্নিত নলবাৰীৰ কুমাৰীকাটাত নিৰ্মীয়মান মছজিদৰ ছাদৰ আধাৰশিলা স্থাপন কৰিলে বিশিষ্ট নাগাৰা নামৰ শিল্পী ৰামচৰণ ভড়ালীয়ে ।
![নলবাৰীৰ কুমাৰীকাটা বাসীয়ে দাঙি ধৰিলে সম্প্ৰতিৰ নিদৰ্শন As_nlb_kumarikata-special-bonding-of-hindu-muslim_vis_as10004](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9723515-thumbnail-3x2-n.jpg)
নলবাৰীৰ কুমাৰীকাটাবাসীয়ে দাঙি ধৰিলে সম্প্ৰতিৰ নিদৰ্শন
নলবাৰীৰ কুমাৰীকাটাবাসীয়ে দাঙি ধৰিলে সম্প্ৰতিৰ নিদৰ্শন
মছজিদৰ ছাঁদ নিৰ্মাণৰ শুভাৰম্ভ কৰি বিশিষ্ট শিল্পী ৰামচৰণ ভড়ালীয়ে কয়, এই কাৰ্য সমগ্ৰ অসমবাসীৰ বাবে আদৰ্শ স্বৰূপ হওক । আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা সকলে কুমাৰীকাটালৈ আহক আৰু এই অঞ্চলৰ ৰাইজৰ আদৰ্শ গ্ৰহণ কৰক ।