অসম

assam

By

Published : Mar 1, 2020, 3:27 PM IST

ETV Bharat / state

অখিল গগৈৰ মুক্তি আৰু "কা" বাতিলৰ দাবীত নলবাৰীত মুখ্যমন্ত্ৰীৰ প্ৰতিমুৰ্তি দাহ

"অসম চৰকাৰ হায় হায়,কা আমাক নালাগে,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক মুক্ত কৰক" আদি শ্লগান দি প্ৰতিবাদকাৰীয়ে সমগ্ৰ নলবাৰী চহৰৰ পৰিবেশ উত্তাল কৰি তোলে ।

"কা" বাতিলৰ দাবীত নলবাৰীত মুখ্যমন্ত্ৰীৰ প্ৰতিমুৰ্তি দাহ
"কা" বাতিলৰ দাবীত নলবাৰীত মুখ্যমন্ত্ৰীৰ প্ৰতিমুৰ্তি দাহ

নলবাৰী, 1 মাৰ্চ: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তি আৰু "কা" দাবীত দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । নলবাৰী চহৰৰ হৰিমন্দিৰ চকত প্ৰতিবাদকাৰীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

"কা" বাতিলৰ দাবীত নলবাৰীত মুখ্যমন্ত্ৰীৰ প্ৰতিমুৰ্তি দাহ

"অসম চৰকাৰ হায় হায়, কা আমাক নালাগে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক মুক্ত কৰক" আদি শ্লগান দি প্ৰতিবাদকাৰীয়ে সমগ্ৰ নলবাৰী চহৰৰ পৰিবেশ উত্তাল কৰি তোলে । যদি কম সময়ৰ ভিতৰত চৰকাৰে কৃষক নেতা অখিল গগৈক মুক্ত কৰি নিদিয়ে আৰু কা বাতিলৰ সিদ্ধান্ত নলয় তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী সমিতিয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সংবাদিকক জনায় প্ৰতিবাদকাৰীয়ে। কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী সমিতিৰ সাধাৰণ সম্পাদক দ্বীপেন কলিতাৰ নেতৃত্বত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত দলটোৰ সকলো সদস্য তথা নেতৃত্ববৃন্দই অংশগ্ৰহণ কৰে ।

লগতে পঢ়কঃ তুষাৰাবৃত্ত অৰুনাচলৰ চেলা পাচ

ABOUT THE AUTHOR

...view details