অসম

assam

ETV Bharat / state

মানস ৰবীনে নহয়, তেনেকুৱা বহুতকে বিজেপি নহয় এতিয়া ৰাইজে খেদিব- জয়ন্ত মল্ল বৰুৱা - কা আন্দোলন

"মানস ৰবীনে নহয়, তেনেকুৱা বহুতকে বিজেপি নহয় এতিয়া ৰাইজে খেদিব । সনাতনী সংস্কৃতিত বিশ্বাসী কোনো লোকেই এতিয়া কংগ্ৰেছত থকাৰ পৰিৱেশ নাই।" নলবাৰীত কা' আন্দোলনকাৰীক উদ্দেশ্যি জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য ।

NALBARI JAYANTA MALLA BARUAH ON MANASH RABIN
মানস ৰবীনে নহয়, তেনেকুৱা বহুতকে বিজেপি নহয় এতিয়া ৰাইজে খেদিব

By

Published : Mar 15, 2020, 10:41 AM IST

নলবাৰী, 15 মাৰ্চঃ কংগ্ৰেছ - এ আই ইউ ডি এফ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি । কংগ্ৰেছ - এ আই ইউ ডি এফৰ মিত্ৰতা বহুদিন আগৰ পৰাই চলি আহিছে । ৰাজ্যসভাৰ নিৰ্বাচনত এই মিত্ৰতা প্ৰকাশ্যে ওলাই নপৰিলে নহয় কাৰণে ওলাই পৰিল। কংগ্ৰেছ - এ আই ইউ ডি এফৰ নেতৃত্বত হ'ব লগা ভয়াৱহতাৰ কথা অসমীয়া ৰাইজে বুজি পাব । সেইকাৰণে এয়া অসমীয়াৰ বাবে ভাল দিন কাৰণ তেওঁলোকৰ কথা অসমীয়া মানুহে আগতীয়াকৈ গম পালে । নলবাৰী নাট্যমন্দিৰত চলি থকা অসম নাট্য সন্মিলনৰ এক কাৰ্যসূচীত শনিবাৰে নিশা অংশ লৈ এই মন্তব্য কৰে পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ।

কংগ্ৰেছ - এ আই ইউ ডি এফ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি

ইমানেই নহয়, ডিমৌত শিল্পী মানস ৰবীন বিজেপিৰ যুৱ মৰ্চাৰ নেতা কৰ্মীৰ দ্বাৰা দুৰ্ব্যবহাৰৰ সন্মুখীন হোৱা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত জয়ন্ত মল্ল বৰুৱাই কয় - মানস ৰবীনকে নহয় , কা' আন্দোলনকাৰী সকলক এতিয়া ৰাইজে খেদিব । কা' আন্দোলন কৰি অজিত ভূঞা কেনেকৈ ৰাজ্যসভালৈ গ'ল ৷ কা' আন্দোলন কৰা শিল্পী সাহিত্যিক বুদ্ধিজীৱী সকলৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল সেই কথাটো অজিত ভূঞাই দেখুৱাই দিলে । অসমৰ ৰাইজে এইবোৰ দেখাৰ পিছত মানস ৰবীন নহয় তেনেকুৱা বহুতকে খেদিব বুলি স্পৰ্শকাতৰ মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই ।

মানস ৰবীনে নহয়, তেনেকুৱা বহুতকে বিজেপি নহয় এতিয়া ৰাইজে খেদিব

আনহাতে কংগ্ৰেছী বিধায়ক ৰাজদ্বীপ গোৱালাক বিজেপিলৈ আদৰি ল'ব বিচাৰিছো বুলি মত ব্যক্ত কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে, আৰু বাকী আহিব বিচৰা সকলক লোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে আমি নাম জনাই দিম । সনাতনী সংস্কৃতি বিশ্বাস কৰা কোনো লোকে কংগ্ৰেছত থকাৰ পৰিৱেশ নাই বুলিও বৰুৱাই সাংবাদিকৰ আগত তাৎপৰ্যপুৰ্ন মন্তব্য কৰে।

আৰু কেইবাজনো কংগ্ৰেছী বিধায়ক বিজেপিলৈ আহিব বিচাৰি আছে

ABOUT THE AUTHOR

...view details