নলবাৰী,29 ফেব্ৰুৱাৰীঃ নলবাৰীত শুকুৰবাৰে নিশা আটক চোৰাং নিচাজাতীয় ঔষধ সৰবৰাহকাৰী ৷ বেলশৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চামতা মোল্লাপাৰাৰ মজামিল আলী নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ আৰক্ষীয়ে লোকজনৰ পৰা জব্দ কৰে ২০০ ৰো অধিক ‘কৰেস্ক’ কফছিৰাপ ৷ মজামিল আলীয়ে পখুৰা চিন্তাৰ এখন কৃষি পামত লুকুৱাই ৰাখিছিল কপছিৰাপ সমূহ ৷ পখুৰাৰ এই কৃষি পামখনৰ পৰাই চামতা চ’কৰ সৰস্বতী, মনষা, দেৱশৰ্মাকে ধৰি কেইবাখনো ফাৰ্মাচীত মাৰাত্মক ড্ৰাগছ তথা কপছিৰাপৰ যোগান ধৰি অহাৰ কথা স্বীকাৰ কৰে ধৃত মজামিলে ৷
নলবাৰী আৰক্ষীৰ জালত চোৰাং নিচাজাতীয় ঔষধ সৰবৰাহকাৰী - নলবাৰীত চোৰাং ঔষধ সৰবৰাহকাৰী আটক বাতৰি
বেলশৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চামতা মোল্লাপাৰাৰ মজামিল আলী নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ আৰক্ষীয়ে লোকজনৰ পৰা জব্দ কৰে ২০০ ৰো অধিক ‘কৰেস্ক’ কপছিৰাপ ৷
![নলবাৰী আৰক্ষীৰ জালত চোৰাং নিচাজাতীয় ঔষধ সৰবৰাহকাৰী Nalbari illegal drugs seller caught](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6242192-thumbnail-3x2-n.jpg)
নলবাৰীত চোৰাং ঔষধ সৰবৰাহকাৰী আটক