নলবাৰী, ১১ এপ্ৰিলঃ ৰাজ্যত একাংশ ধৰ্মান্ধ লোকে হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি সমাজত বিষ বাস্প বিয়পাই তোলাৰ সময়তে নলবাৰীত আজি পুনৰবাৰ দেখা গ'ল সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন । সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ'ণা ভাইৰাছৰ বিভিষিকাময় পৰিস্থিতি আৰু লক ডাউনৰ ভয়াবহতাৰ মাজত নলবাৰীত এগৰাকী সাংবাদিকে দেখুৱালে মহানুভৱতা । নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমত যোৱা দুবছৰৰো অধিক সময় আশ্ৰয় গ্ৰহণ কৰি থকা এগৰাকী অসহায় বৃদ্ধা শকুন্তলা দাসে (৭৫) শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে বৃদ্ধা গৰাকীয়ে ।
যাৰ পৰিপ্ৰেক্ষিতত নলবাৰীৰ ৰাজহুৱা শ্মসানত বৃদ্ধা গৰাকীক বৈদিক নিয়মেৰে মুখাগ্নি কৰে সাংবাদিক মজিবুৰ ৰহমানে । উল্লেখ্য যে বৰ্ণিবাৰী গাঁৱৰ শকুন্তলা দাসৰ বিবাহ হৈছিল নলবাৰীৰ সোনপুৰত । বৃদ্ধা গৰাকীৰ সন্তান নাছিল । স্বামীৰ মৃত্যুৰ পাচত বৃদ্ধা গৰাকী পিতৃ গৃহলৈ যায় যদিও তাত আশ্ৰয় নাপালে বৃদ্ধা গৰাকীয়ে । যাৰ বাবে বৰ্ণিবাৰীৰ সাপ্তাহিক বজাৰৰ এক কদৰ্যময় অবস্থাত দিন অতিবাহিত কৰিব লগীয়া হৈছিল শকুন্তলা দাসে ।