অসম

assam

ETV Bharat / state

নিৰ্মীয়মান নলবাৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি - মৰিয়াই হত্যা কৰাৰ অভিযোগ

মৃত মহেশ দাসে শনিবাৰে সন্ধিয়া মেডিকেল কলেজত কাম কৰাৰ বিনিমিয়ত পাব লগা ধন নিব আহোতে নিৰ্মাণকাৰী সংস্থাৰ বৰমূৰীয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে আত্মীয়ই।

nalbari-heated-situation
নিৰ্মীয়মান নলবাৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি

By

Published : Dec 6, 2020, 10:50 PM IST

নলবাৰী, 6 ডিচেম্বৰ : নলবাৰী মেডিকেল কলেজ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে শ্ৰমিকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। নিজৰ প্ৰাপ্য নিবলৈ আহোতে নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকচনৰ বিষয়াই শ্ৰমিকক হত্যা কৰাৰ অভিযোগ ৰাইজৰ । মৃত শ্ৰমিকজন আমৰাৰ অতি দ্ৰৰিদ্ৰ পৰিয়ালৰ মহেশ দাস ।

নিৰ্মীয়মান নলবাৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি

মৃত মহেশ দাসে শনিবাৰে সন্ধিয়া মেডিকেল কলেজত কাম কৰাৰ বিনিমিয়ত পাব লগা ধন নিব আহোতে নিৰ্মাণকাৰী সংস্থাৰ বৰমূৰীয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে আত্মীয়ই । এতিয়া মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্তৰ পাছতহে এয়া এক দুৰ্ঘটনা নে হত্যাকাণ্ড সেয়া পোহৰলৈ আহিব ৷

লগতে পঢ়ক: বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যাৰ ১৪ টা সমষ্টিতেই বিজপিৰ প্ৰাৰ্থী জয়ী হ’বঃ হিমন্ত বিশ্ব

ABOUT THE AUTHOR

...view details