অসম

assam

ETV Bharat / state

নলবাৰীৰ এগৰাকী কণমানি শিল্পী

নলবাৰীৰ এগৰাকী কণমানি শিল্পী । মাত ফুটাৰ পৰাই আখৈ ফুটাদি ফুটে গীত ।এক আজৱ প্ৰতিভা । আমাৰ এক প্ৰতিবেদন ।

নলবাৰীৰ এগৰাকী কণমানি শিল্পী

By

Published : May 15, 2019, 4:57 AM IST

নলবাৰী,14মে': নলবাৰীৰ বৰকুৰিহা গাঁৱৰ চন্দন শৰ্মাৰ জীয়ৰী প্ৰিয়াস্কী কাশ্যাপ । বয়স মাত্ৰ ৪ বছৰ । কিন্তু কণমানি প্ৰিয়াস্কী কাশ্যাপৰ আছে আজৱ প্ৰতিভা,মাত ফুটাৰ পৰাই কণমানি গৰাকীয়ে মোবাইলত গীত শুনি মুখস্থ কৰে গীতসমূহ ৷ মাত্ৰ ২ বছৰ ৬ মাহৰ পৰা মাকৰ কোলাত উঠি বিভিন্ন ঠাইত সংগীত পৰিবেশন কৰি জনপ্ৰিয়তা অৰ্জন কৰি আহিছে কণমানি প্ৰিয়াস্কীয়ে । আনহাতে তিনিবছৰ বয়সতে কণমানি শিশু শিল্পী গৰাকীয়ে তিনটাকৈ নিজ এলবামত কন্ঠ নিগৰাইছে । উল্লেখ্য যে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ সুন্দৰকৈ গীত গাৱ পাৰে প্ৰিয়াস্কীয়ে । সুধাকন্ঠ ভূপেন হাজৰিকাৰ গীতৰ লগতে জুবিন গাৰ্গৰ গীতো কোনো ভূল নোহোৱাকৈ গাৱ পাৰে কণমানি প্ৰিয়াস্কীয়ে । আনহাতে নাচিও ভাল পাই প্ৰিয়াস্কীয়ে । ইতিমধ্যে জনপ্ৰিয় কন্ঠশিল্পী ৰাকেশ ৰিয়ানৰ লগতে মঞ্চ বিহুত গীত গাই সমাদৰ লাভ কৰিছে ।

নলবাৰীৰ এগৰাকী কণমানি শিল্পী

ABOUT THE AUTHOR

...view details