অসম

assam

নলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড গুণ্ডাবাহিনীৰ

নলবাৰীত 50 জনীয়া এটি গুণ্ডাৰ দলে বন বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে উলিয়াই নিয়ে বন বিষয়াই জব্দ কৰি ৰখা এখন ট্ৰেক্টৰ ৷

By

Published : Feb 9, 2020, 4:39 PM IST

Published : Feb 9, 2020, 4:39 PM IST

Nalbari Forest office was attacked  by 50 people group
নলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড গুণ্ডাবাহিনীৰ

নলবাৰী,9 ফেব্ৰুৱাৰী :নলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত অঘটন । দেওবাৰে পুৱা 7 বজাত প্ৰায় 50 জনীয়া এটি গুণ্ডাৰ দলে লণ্ডভণ্ড কৰিলে বন বিষয়াৰ কাৰ্যালয় । লগতে গুণ্ডাবাহিনীয়ে উলিয়াই নিয়ে বন বিষয়াই জব্দ কৰি ৰখা এখন ট্ৰেক্টৰ । ঘটনা অনুসৰি বনবিভাগে কিছু দিন পূৰ্বে এখন ট্ৰেক্টৰ জব্দ কৰিছিল ৷ এই টেক্টৰখন জব্দ কৰাক লৈ আক্ৰমণ কৰে দলটোৱে আৰু জব্দ টেক্টৰখন কাৰ্যালয়ৰ পৰা লৈ যায় দলটোৱে ৷ আনহাতে শিল দলিয়াই কাৰ্যালয়ত থকা কেইবাখনো দুচকীয়া বাহনৰ বিস্তৰ ক্ষতি কৰাৰ লগতে ভাঙি পেলাই কাৰ্যালয়ৰ কেইবাখনো চকী ।

নলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড গুণ্ডাবাহিনীৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details