নলবাৰী, 12 মে' :নলবাৰীত জব্দ হৈছে বনাঞ্চলৰ পৰা কাঠ-শিল কঢ়িওৱা কেইবাখনো বাহন ৷ নলবাৰী আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ে এক অভিযান চলাই জব্দ কৰে চৰকাৰক কৰ ফাঁকিৰে কাঠ,শিল,বালি কঢ়িওৱা ডাম্পাৰ,ডি আই কে ধৰি কেবাখনো বাহন । জব্দকৃত গাড়ীসমূহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ'ব বুলি জনায় বিভাগীয় বন পালক দেৱব্ৰত শৰ্মাই । তেওঁ জব্দকৃত এই গাড়ীসমূহৰ পৰা লক্ষাধিক টকাৰ কৰ সংগ্ৰহ হ'ব বুলিও জানিবলৈ দিয়ে ।
নলবাৰীত কৰ ফাঁকিৰে শিল-কাঠ কঢ়িওৱা বাহন জব্দ ! - কৰ ফাঁকি
নলবাৰী আঞ্চলিক বন বিভাগৰ অভিযানত জব্দ কৰ ফাঁকিৰে কাঠ,শিল,বালি কঢ়িওৱা বাহন ৷ সংগ্ৰহ হ'ব লক্ষাধিক টকাৰ কৰ ৷
nalbari forest department seized illegal timber and stone carrier vehicle
উল্লেখ্য, লক্ ডাউনৰ সুবিধা লৈ ৰাজ্যৰ বনাঞ্চলত গঁড় হত্যা, গছ কাটা আদি বিভিন্ন দুস্কাৰ্য সংঘটিত কৰিছে একাংশই ৷ কেইদিনমান পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছিল এটা খৰ্গবিহীন গঁড়ৰ মৃতদেহ ৷
লগতে পঢ়ক : সম্পূৰ্ণৰূপে ছীল কৰি দিয়া হ'ল ফাচি বজাৰৰ ৰাজকমল হোটেল
Last Updated : May 13, 2020, 8:02 AM IST