অসম

assam

ETV Bharat / state

বানৰ কবলত নলবাৰীৰ দিহজাৰী গাঁৱৰ দক্ষিণ চুবুৰী আৰু বৈশ্য চুবুৰী - নলবাৰী বানপানী বাতৰি

বানত ডুব গৈছে নলবাৰী চহৰৰ পৰা 12 কিলোমিটাৰ নিলগৰ দিহজাৰী গাঁৱৰ দক্ষিণ চুবুৰী আৰু বৈশ্য চুবুৰী । বছৰটোৰ অধিক সংখ্যক সময় বানৰ কবলত পৰাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও মৃত্যুমুখত পৰিছে পশুধন ।

Nalbari flood
বানৰ কবলত নলবাৰীৰ দিহজাৰী গাঁৱৰ দক্ষিণ চুবুৰী আৰু বৈশ্য চুবুৰী

By

Published : May 28, 2020, 5:46 PM IST

নলবাৰী,28 মেঃ ইতিমধ্যে ৰাজ্যত প্ৰথমটো বানতেই ডুব গৈছে কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল । সমান্তৰালকৈ নলবাৰীতো বানত ডুব গৈছে চহৰ খনৰ পৰা 12 কিলোমিটাৰ নিলগৰ দিহজাৰী গাঁৱৰ দক্ষিণ চুবুৰী আৰু বৈশ্য চুবুৰী । বছৰটোৰ অধিক সংখ্যক সময় বানৰ কবলত পৰাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও মৃত্যুমুখত পৰিছে পশুধন । বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে চৰকাৰ তথা স্থানীয় বিধাকক অঞ্চলটোৰ ৰাইজে কেইবা বাৰো আহ্বান জনাইছে যদিও আজিপৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে । খবৰ ল'বলৈ আহৰি নাই স্থানীয় বিধায়ক অশোক শৰ্মা তথা সাংসদ দিলীপ শইকীয়াৰ ।

নলবাৰীৰ দিহজাৰী গাঁৱৰ দক্ষিণ চুবুৰী আৰু বৈশ্য চুবুৰী বানৰ কবলত

স্থানীয় ৰাইজৰ অভিযোগ, প্ৰায় দুটা বছৰে পানীৰ তলত এনেদৰে কটাইছে সময় । অঞলটোত পানী ওলাই যোৱা পথত পুখুৰী খন্দাৰ ফলতে এনে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে ৰাইজ । এই ক্ষেত্ৰত অতি শীঘ্ৰে চৰকাৰ তথা প্ৰশাসনক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান স্থানীয় ৰাইজৰ ।

লগতে পঢ়ক-বানপানীক লৈ তৎপৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ

ABOUT THE AUTHOR

...view details