অসম

assam

ETV Bharat / state

বৰলীয়া নৈৰ খহনীয়াই চলাইছে তাণ্ডৱঃ আতংকিত নৈপৰীয়া লোক - নৈপৰীয়া লোক

চৰকাৰৰ এটা বিয়াগোম বিভাগ থকাৰ পিছতো খহনীয়া প্ৰতিৰোধত কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগটোৱে । ফলত মৰণতে শৰণ দি হ'লেও পৰিয়াল কেইটাই চলায় গৈছে জীৱন সংগ্ৰাম ।

আতংকিত নৈপৰীয়া লোক

By

Published : Jul 11, 2019, 10:43 AM IST

Updated : Jul 11, 2019, 11:02 AM IST

নলবাৰী, 11 জুলাইঃৰাজ্যত চৌদিশে এতিয়া বান আৰু গৰাখহনীয়াৰ তাণ্ডৱ । নৈ উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ভয়াৱহ ৰূপ লৈছে বান আৰু গৰাখহনীয়াই ৷ উল্লেখ্য যে, নলবাৰী-কামৰূপ সীমান্তৰ গৰমচুঙত বৰলীয়া নৈ খহনীয়াৰ ফলত শংকিত হৈ পৰিছে নৈ পৰীয়া সকল । গৰমচুঙ অঞ্চলত নৈৰ পাৰত বসবাস কৰা প্ৰায় ১০ টা পৰিয়ালে এতিয়া উজাগৰী নিশা কটাবলগীয়া হৈছে নৈ খনৰ খহনীয়াৰ বাবে । যিকোনো মুহূৰ্ততে নৈখনৰ বুকুত জাহ যাব পাৰে পৰিয়ালকেইটাৰ বাসগৃহ । বাট-পথ সকলো ইতিমধ্য়ে বানত বুৰ গৈছে ৷

আতংকিত নৈপৰীয়া লোক

বৰলীয়া নৈৰ ৰুদ্ৰমূৰ্তিৰ ফলত সম্প্ৰতি দিশহাৰা হৈ পৰিছে পৰিয়াল কেইটা । আনহাতে চৰকাৰৰ এটা বিয়াগোম বিভাগ থকাৰ পিছতো খহনীয়া প্ৰতিৰোধত কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগটোৱে । ফলত মৰণতে শৰণ দি হ'লেও পৰিয়াল কেইটাই চলায় গৈছে জীৱন সংগ্ৰাম ।

Last Updated : Jul 11, 2019, 11:02 AM IST

ABOUT THE AUTHOR

...view details