নলবাৰী,১৮জুলাই : নলবাৰী জিলাৰ বালিত শোকাৱহ ঘটনা । বাঢ়নী পানীয়ে প্ৰাণ ল'লে জিতুমণি হালৈ নামৰ এজন যুৱকৰ ।
নলবাৰীত বানত প্ৰাণ গ'ল যুৱকৰ
পৰিয়ালে যুৱকজনৰ বিচাৰ-খোচাৰ কৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল । অৱশেষত বৃহস্পতিবাৰে যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় বালি গাঁৱত ।
উল্লেখ্য যে বুধবাৰে দিনৰ প্ৰায় ১০ বজাত কলৰ ভূঁৰত উঠি জিতুমণিয়ে মৰা পাগলদিয়াৰ সংহাৰী ৰূপৰ কথা অৱগত কৰিবলৈ গৈছিল গাঁওবুঢ়াক । গাঁওবুঢ়াক লগ ধৰি ঘৰলৈ উভতাৰ পথত সন্ধানহীন হৈ পৰে যুৱকজন । পৰিয়ালে যুৱকজনৰ বিচাৰ-খোচাৰ কৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল । অৱশেষত বৃহস্পতিবাৰে যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় বালি গাঁৱত ।
ৰঙৰ কামেৰে পৰিয়াল পোহপাল দিয়া যুৱকজনৰ মৃত্যুত দিশহাৰা হৈ পৰিছে এতিয়া যুৱকজনৰ পৰিয়াল । ইফালে, যুৱকজনৰ মৃত্যুৰ খবৰ পাই বিধায়ক মনেশ্বৰ ব্ৰহ্ম আহি উপস্থিত হয় যুৱকজনৰ বাসগৃহত । বৰ্তমান মৰোণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যুৱকজনৰ মৃতদেহ ।