অসম

assam

ETV Bharat / state

পথাৰত মেলিছে চিৰাল ফাট, কৃষকৰ মাজত হাহাকাৰ - ভেকুলী বিয়া নলবাৰী

পথাৰত মেলিছে চিৰাল ফাট, কৃষকৰ মাজত হাহাকাৰ ৷ বৰষুণৰ বাবে নলবাৰীৰ ডাঙৱাপাৰাৰ বৰগাছা গাঁৱৰ কৃষক ৰাইজে পথাৰত আয়োজন কৰে নাম প্ৰসংগৰ ৷একমাত্ৰ বৰষুণৰ পানীৰ ওপৰত ভৰসা কৰি খেতি কৰা কৃষক সকললৈ বৰুণ দেৱতাৰ সুদৃষ্টি নপৰাত এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে ৷

খাৰঙৰ কবলত পথাৰত চিৰাল ফাটঃ কৃষকৰ হাহাকাৰ

By

Published : Aug 30, 2019, 9:15 AM IST

Updated : Aug 30, 2019, 9:21 AM IST

নলবাৰী, 30 আগষ্টঃবৰষুণৰ বাবে ভেকুলী বিয়া নহয় । বৰষুণৰ বাবে এইবাৰ নলবাৰীৰ পথাৰত কৃষকৰ নাম প্ৰসংগ । বছৰৰ দ্বিতীয়টো বানৰ পাচত নলবাৰীত এতিয়া খৰাং পৰিস্থিতিয়ে দেখা দিছে । বৰষুণৰ অভাৱত হাজাৰ হাজাৰ বিঘা কৃষি ভূমি শুকাই পথাৰত চিৰাল ফাট মেলিবলৈ আৰম্ভ কৰিছে যাৰ বাবে মূৰে কপালে হাত দিব লগা হৈছে কৃষকে ৷ কিন্তু ইয়াৰ পাছতো কাণসাৰ নাই জলসিঞ্চন বিভাগৰ ৷ সেয়ে নলবাৰীৰ ডাঙৱাপাৰাৰ বৰগাছা গাঁৱৰ কৃষক ৰাইজে উপায়ন্তৰ হৈ বৰুণ দেৱতাৰ কৃপা বিচাৰি পথাৰত নাম প্ৰসংগৰ আয়োজন কৰে ৷ লগতে নাম প্ৰসংগৰ জৰিয়তে জলসিঞ্চন বিভাগৰ সুমতিও কামনা কৰে চহা ৰাইজে ৷

খৰাঙৰ কবলত পথাৰত চিৰাল ফাটঃ কৃষকৰ হাহাকাৰ

ইফালে শোণিতপুৰৰ ৰঙাপৰাৰ মোলানগাঁৱতো খৰাঙৰ কবলত বিস্তীৰ্ণ কৃষিভূমিত চিৰাল ফাট মেলিছে ৷ অধিকাংশ কৃষিভূমিত চিৰাল ফাট মেলাত কঠীয়া সমূহ সেউজীয়া বৰণৰ পৰিৱৰ্তে ৰঙচুৱা হৈ পৰিছে ৷ এনে পৰিস্থিতিত জলসিঞ্চন বিভাগৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা অঞ্চলটোৰ কৃষক ৰাইজে সন্দিহান হৈ পৰিছে ৷

Last Updated : Aug 30, 2019, 9:21 AM IST

ABOUT THE AUTHOR

...view details