নলবাৰী,29অক্টোবৰঃ পাঁচ দিনীয়া উৎকন্ঠাৰ অন্ত পৰিল। অৱশেষত ফালু দাসৰ মৃতদেহ চমজি ল'লে পৰিয়ালে। বিদেশী হোৱাৰ অভিযোগত ২০১৭ চনৰে পৰা গোৱালপাৰাৰ ডিটেনচন কেম্পত বন্দী হৈ থকা ফালু দাসৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছিল ৷ কিন্তু মৃত ফালু দাসৰ মৃতদেহ যোৱা ৫ দিনে পৰিয়ালটোৱে চমজি লোৱা নাছিল। যাৰ ফলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গতে পৰি আছিল । ইপিনে সোমবাৰে ভুক্তভোগী পৰিয়ালটোৰ সকলো দাবী মানি লোৱাৰ লগতে আৰ্থিক সহায় আগবঢ়াব বুলিও আশ্বাস দিয়ে স্থানীয় বিধায়ক নাৰায়ন ডেকাই । অৱশেষত বিধায়ক নাৰায়ন ডেকাৰ প্ৰতিশ্ৰুতিত ফালু দাসৰ পৰিয়ালে মৃতদেহ চমজি লৈ ফালু দাসৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে ।
5 দিনৰ পাচত পৰিয়ালে চমজি ললে ফালু দাসৰ মৃতদেহ - ফালু দাসৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু
অৱশেষত পৰিয়ালে চমজি ল'লে গোৱালপাৰাৰ ডিটেনচন কেম্পত মৃত্যু হোৱা ফালু দাসৰ মৃতদেহ ৷ বিধায়ক নাৰায়ন ডেকাৰ তৎপৰতাত মৃতদেহ মুকালমুৱাৰ চতেমাৰীৰ নিজ ঘৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন ৷
বিধায়ক নাৰায়ন ডেকা