অসম

assam

ETV Bharat / state

বৰক্ষেত্ৰীত প্ৰচাৰ অভিযানত ব্যস্ত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ববিতা শৰ্মা

বৰক্ষেত্ৰীত গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ববিতা শৰ্মাই প্ৰচাৰ চলাই ৫ বছৰ সময় বিচাৰিলে জনসাধৰণৰ পৰা

By

Published : Apr 6, 2019, 10:38 PM IST

বৰক্ষেত্ৰীত প্ৰচাৰ অভিযানত ব্যস্ত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ববিতা শৰ্মা

নলবাৰী, ৬ এপ্ৰিল : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত চলি থকাৰ সময়তে শনিবাৰে বৰক্ষেত্ৰীত উপস্থিত হয় গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ববিতা শৰ্মা । বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ আদাবাৰী, লোহাৰকাঠা, মুকালমুৱা, ৰামপুৰ আদি ঠাইত অনুস্থিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা । বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত শৰ্মাই অংশগ্ৰহণ কৰি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে মোডী চৰকাৰে জনসাধৰণক কি দিলে তাক বিবেচনা কৰি ভোট দিবলৈ আহ্বান জনালে । আনহাতে, জনসাধৰণক কংগ্ৰেছক ৫ বছৰ সময় দি চাবলৈও আহ্বান জনোৱাৰ উপৰিও বিজেপিক তীব্ৰভাৱে সমালোচনা কৰিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।

বৰক্ষেত্ৰীত প্ৰচাৰ অভিযানত ব্যস্ত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ববিতা শৰ্মা

উল্লেখযোগ্য যে বৰক্ষেত্ৰীত অনুস্থিত হোৱা এই নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ লগত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দুলু আহমেদকে ধৰি কেইবাজনো কংগ্ৰেছ নেতা ।

ABOUT THE AUTHOR

...view details