নলবাৰী,20অক্টোবৰ: শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন৷ বৃহস্পতিবাৰে দেৱী বন্দনাৰে মুখৰিত হ'ব ৰাজ্যৰ আকাশ বতাহ ৷ ক'ভিড প্ৰট'কল মানি ৰাজ্যবাসীয়ে আদৰিব মা-দুৰ্গাক ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী জিলাৰ ঘগ্ৰাপাৰাতো আয়োজন কৰা হৈছে দুৰ্গা পূজাৰ ৷ ঘগ্ৰাপাৰৰ হৰিমন্দিৰৰ ৬৬ বছৰীয়া দুৰ্গা পূজাত কিন্তু এইবাৰ নাথাকিব কোনো জাক- জমকতা ৷ মন্দিৰ প্ৰাংগণত নহ'ব কোনো কুমাৰী পূজা ৷ মাত্ৰ ১ লাখ টকা বাজেট নিৰ্ধাৰণ কৰি পূজা কমিতিয়ে আয়োজন কৰিছে এই পূজাৰ ৷ উল্লেখ্য যে,দেশ তথা ৰাজ্যত কৰ'ণা ভাইৰাছে সৃষ্টি কৰা সন্ত্ৰাসৰ বাবেই পূজা কমিতিয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷
নলবাৰীৰ 66বছৰীয়া পূজাস্থলীত নাই কোনো জাক-জমকতা - দুৰ্গা পূজা
নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ 66বছৰীয়া পূজাস্থলীত এইবাৰ নাই কোনো জাক-জমকতা ৷ ক'ভিড প্ৰটকলৰ মাজেৰে ৰাজ্যবাসীয়ে এইবাৰৰ দুৰ্গা পূজা পালন কৰিব যদিও ৰাজ্যত নাই পূৰ্বৰ দৰে পূজাৰ উচাহ ৷
নলবাৰীৰ 66বছৰীয়া পূজাস্থলীত নাই কোনো জাক-জমকতা