প্ৰেমিকৰ প্ৰতাৰণাৰ বলি মুকবধীৰ যুৱতী
যুৱতী গৰাকী অন্তঃসত্বা হোৱাৰ পাচৰে পৰা ভণ্ড ফাৰুকে যুৱতী গৰাকীৰ দায়িত্ব নলয় বুলি অভিযোগ কৰে যুৱতী গৰাকীৰ পৰিয়ালে
নলবাৰী, 11 অক্টোবৰঃ নলবাৰী সুৰাদিৰ প্ৰেমিকৰ প্ৰতাৰণাৰ বলি মুকবধীৰ প্ৰেমিকা । সুৰাদি গাঁৱৰ ফাৰুক আলী নামৰ যুৱকজনে প্ৰায় এবছৰ পূৰ্বৰ পৰা এগৰাকী মুকবধীৰ যুৱতীৰ সৈতে প্ৰেমৰ অভিনয় কৰি বিয়াৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক গঢ়ি তোলাৰ অভিযোগ ৷ যাৰ ফলত যুৱতী গৰাকী এতিয়া ছয় মাহৰ অন্তঃসত্বা ৷ যুৱতী গৰাকী অন্তঃসত্বা হোৱাৰ পাচৰে পৰা ভণ্ড ফাৰুকে যুৱতী গৰাকীৰ দায়িত্ব নলয় বুলি অভিযোগ কৰে যুৱতী গৰাকীৰ পৰিয়ালে ৷ যাৰ বাবে ভুক্তভোগী প্ৰেমিকা গৰাকীৰ পৰিয়ালে গাঁৱত বিচাৰ দিয়ে ৷ কিন্তু গাঁৱৰ বিচাৰ কোনো কাৰণতে মানি নলয় বুলি মন্তব্য কৰে ফাৰুকৰ পৰিয়ালে ৷ যাৰ বাবে উপায়হীন হৈ যুৱতী গৰাকী তথা পৰিয়ালে শুকুৰবাৰে নলবাৰী আৰক্ষীৰৰ কাষ চাপি এজাহাৰ দাখিল কৰে ৷