অসম

assam

By

Published : Apr 29, 2021, 10:15 PM IST

ETV Bharat / state

নলবাৰীত বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিনটোত ড্ৰাই ডে ঘোষণা

সকলো জিলাৰ লগতে নলবাৰী জিলাতো নিৰ্বাচনৰ ভোট গণনাৰ দিনটো ড্ৰাই ডে হিচাপে ঘোষণা কৰা হৈছে । উক্ত দিনত সকলো সুৰাৰ বিপনী বন্ধ থকাৰ লগতে সুৰাৰ ক্ৰয়,বিক্ৰী, সুৰাপান, মজুত আৰু বিতৰণ আদি বন্ধ থাকিব ।

DRY DAY ORDER
নলবাৰীত বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিনটো ড্ৰাই ডে ঘোষণা

নলবাৰী,২৯ এপ্ৰিল:অহা ২ মে'ত অসমৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ'ব । তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্যৰ সকলো জিলাত সেই দিনটো আৰু ৩ মে'ত ড্ৰাই ডে ঘোষণা কৰা হৈছে । আবকাৰী বিভাগৰ ফালৰ পৰা সকলো জিলালৈ এই নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে ।

ইয়াৰ পিছতে নলবাৰী জিলাতো ড্ৰাই ডেৰ ঘোষণা উপায়ুক্ত পূৰৱী কোৱঁৰৰ । এক নিৰ্দেশনামৰ্মে উপায়ুক্তগৰাকীয়ে জনাই যে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ ৰ ধাৰা ১৩৫(গ) আৰু অসম আবকাৰী বিধি,২০১৬ ৰ ৩২৬(ক) বিধি অনুসৰি ভোট গণনা অৰ্থাৎ ২ মে',২০২১ তাৰিখে জিলাখনত ড্ৰাই ডে ঘোষণা কৰা হৈছে ।

নলবাৰীত বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিনটো ড্ৰাই ডে ঘোষণা

সেইদিনা গণনা প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত নলবাৰী জিলাত সকলো ধৰণৰ সুৰাৰ দোকান বন্ধ থাকিব । লগতে জিলাখনত সুৰাৰ ক্ৰয়, বিক্ৰী,সুৰাপান,মজুত,বিতৰণ আদি সম্পূৰ্ণৰূপে বন্ধ থাকিব । ইফালে নলবাৰী জিলাৰ ৫৯ নলবাৰী,৬০ বৰক্ষেত্ৰী আৰু ৬১ ধৰ্মপুৰ বিধানসভা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে নলবাৰী জিলা প্ৰশাসনে।

লগতে পঢ়ক:কোন হ'ব মৰাণৰ পৰৱৰ্তী বিধায়ক !

ABOUT THE AUTHOR

...view details