নলবাৰী, ১১ মাৰ্চ : সম্প্ৰতি এখন বিয়াই ৰাজ্যজুৰি বিশেষ চৰ্চা লাভ কৰিছে । নলবাৰী জিলাৰ গোপাল বজাৰৰ সুৰাসক্ত দৰা প্ৰসেনজিৎ হালৈয়ে হোমৰগুৰিতেই শুই যোৱা ঘটনাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে । পিছে এই সমগ্ৰ ঘটনাক ষড়যন্ত্ৰ আখ্যা দিছে দৰাৰ মাতৃ আৰু পৰিয়ালে । দৰাক কোনো লোকে নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাৰ অভিযোগ পৰিয়ালৰ । আনহাতে কইনাৰো আনৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ পৰিয়ালৰ (Nalbari drunken groom mother reaction)।
দৰা প্ৰসেনৰ মাতৃৰ অভিযোগ মতে দৰাৰ লগত যোৱা কোনো বন্ধুৱে তাক নিচাজাতীয় দ্ৰব্য খুৱাইছে (Drunken groom in Nalbari)। নহ'লে প্ৰসেনৰ তেনেকুৱা অৱস্থা নহয় । মাতৃৰ মতে দৰাই মদ খালে খঙত থাকিলেহেতেন । কিন্তু তাৰ দেহত ততেই নাছিল । দৰাই বাছত যাব বিচাৰিছিল কিন্তু তাৰ বন্ধুৱে সজাই অনা সৰু চাৰিচকীয়াখনতহে উঠাই লৈ গৈছিল । দৰা প্ৰসেনৰ মাতৃৰ অভিযোগ মতে যেতিয়া দৰাই সৰু গাড়ীখনত গৈছিল তেতিয়া দৰাৰ ভনীয়েক জনীও আছিল সেইখন গাড়ীত ।
কিন্তু হঠাৎ কি খুৱাই দিলে প্ৰসেনক, যাৰ বাবে এনে এক পৰিৱেশৰ সৃষ্টি হ'ল । মাতৃয়ে কান্দি কান্দি অভিযোগ তুলিছে দৰাৰ বন্ধুকেইজনৰ ওপৰত । আনহাতে কইনাৰ অইন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰো গুৰুতৰ অভিযোগ কৰিছে দৰাৰ মাতৃয়ে । দৰাৰ মাতৃৰ মতে কইনাই বিয়াৰ পূৰ্বে এদিন দৰাৰ মাতৃক ফোন কৰি সুধিছিল তেওঁলোকৰ বিয়া হ'ব নে নহয় বুলি ।