অসম

assam

By

Published : Oct 26, 2019, 1:52 PM IST

ETV Bharat / state

পুনৰ ডিটেনচন কেম্পত মৃত্যু কাৰাবন্দীৰ

ডিটেনচন কেম্পত বন্দি হৈ থকা বৰক্ষেত্ৰীৰ এজন লোকৰ মৃত্যু ৷ মৃত লোকজনৰ নাম ফালু দাস ৷ লোকজনৰ ঘৰ বৰক্ষেত্ৰীৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত চতেমাৰীত ৷ ২০১৭ চনৰ জুলাই মাহৰ পৰা গোৱালপাৰাৰ ডিটেনচন কেম্পত আছিল লোকজন ৷

ডিটেনচন কেম্পত বন্দি হৈ থকা বৰক্ষেত্ৰীৰ এজন লোকৰ মৃত্যু

নলবাৰী,26অক্টোবৰঃ ডিটেনচন কেম্পত পুনৰ মৃত্যু হ'ল বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা এজন ব্যক্তিৰ ৷ মৃত লোকজন বৰক্ষেত্ৰীৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত চতেমাৰীৰ ফালু দাস ৷ ২০১৭ চনৰ জুলাই মাহৰ পৰা গোৱালপাৰাৰ ডিটেনচন কেম্পত বন্দী হৈ আছিল মৃত লোকজন ৷ ইপিনে পৰিয়ালৰ অভিযোগ মতে সকলো নথি পত্ৰ থকাৰ পিছতো বিদেশী সজাই ডিটেনচন কেম্পত বন্দী কৰি ৰাখিছিল মৃত ফালু দাসক ৷

ডিটেনচন কেম্পত বন্দি হৈ থকা বৰক্ষেত্ৰীৰ এজন লোকৰ মৃত্যু

উল্লেখ্য যে, ডিটেনচন কেম্পতে অসুস্থ হৈ পৰাত ফালু দাসক ১১ অক্টোবৰত গোৱালপাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ পিছত উন্নত চিকিৎসাৰ বাবে যোৱা ১৩ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাইছিল ফালু দাসক ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে পুৱা মৃত্যু হয় লোকজনৰ ৷ ইফালে চিকিৎসালয়ত ফালু দাসে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ফালু দাসৰ পৰিয়ালে ৷ যাৰ বাবে মৃতদেহ চমজি লবলৈ অস্বীকাৰ কৰিছে পৰিয়ালৰ লোকসকলে ৷

মৃত ফালু দাসৰ ভোটাৰ পৰিচয় পত্ৰ

ABOUT THE AUTHOR

...view details