অসম

assam

ETV Bharat / state

New Covid guideline in Nalbari : সকলো ৰাজহুৱা অনুষ্ঠান বাতিল জিলা প্ৰশাসনৰ - নলবাৰী জিলাত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে

শেহতীয়াকৈ নলবাৰী জিলাত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে (Covid cases increase in Nalbari)। জিলা প্ৰশাসনে বিভিন্ন ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । ৰাজহুৱা অনুষ্ঠান, ক্ৰীড়া প্ৰতিযোগিতা, থিয়েটাৰ আদি বাতিল প্ৰশাসনৰ । ধৰ্মীয় অনুষ্ঠানত ২০০ জন লোকক উপস্থিত থকাৰ বাবে অনুমতি প্ৰদান ।

Covid guideline in Nalbari
ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে নলবাৰী জিলা প্ৰশাসন

By

Published : Jan 13, 2022, 10:26 AM IST

নলবাৰী, ১৩ জানুৱাৰী :অসমত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে (Covid cases in Assam)। বিভিন্ন জিলাত পুনৰ ক'ভিডৰ দ্ৰুত সংক্ৰমণ দেখিবলৈ পোৱা গৈছে । যাৰ বাবে জিলা প্ৰশাসনে বিভিন্ন ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ভোগালী বিহুত যাতে জন সমাগম হ'ব নোৱাৰে, তাৰ বাবে বহু জিলাত নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰ তথা জিলা প্ৰশাসনে ৷

নলবাৰী জিলাতো কৰ’ণা ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে (Covid 19 cases increase in Nalbari) । যাৰ বাবে জিলা প্ৰশাসনে নলবাৰীত সকলো ধৰণৰ ৰাজহুৱা সভা, ক্ৰীড়া প্ৰতিযোগিতা, থিয়েটাৰ আদি বাতিল কৰাৰ নিৰ্দেশ দিছে । এতিয়াৰে পৰা জিলাখনত ক'ভিড বিধি পালন কৰি সকলোৱে অনুষ্ঠান আয়োজন কৰিব লাগিব ।

নিৰ্দেশনা অনুসৰি প্ৰতিটো ধৰ্মীয় অনুষ্ঠানত ২০০ জনতকৈ অধিক লোকে অংশগ্ৰহণ কৰিব নোৱাৰিব । জিলাখনৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে জিলা দণ্ডাধীশে (New Covid guidelines in Nalbari) ।

ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে নলবাৰী জিলা প্ৰশাসন

উল্লেখ্য যে, জিলাখনৰ বহু শিক্ষানুষ্ঠানত শিক্ষাৰ্থী, অধ্যাপক আদি কৰ'ণাত আক্ৰান্ত হোৱা দেখা গৈছে । শেহতীয়াকৈ জিলাখনৰ জাপাৰকুছিস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় নালন্দা পাব্লিক স্কুলৰ ২৮ গৰাকী ছাত্ৰ-ছাত্ৰী দেহত ধৰা পৰিছে ক’ভিড 19 ৰ উপস্থিতি ৷ বিদ্যালয়খনত স্বাস্থ্য বিভাগে ক’ভিড টেষ্ট কৰাৰ সময়তে পোহৰলৈ আহে এই ভয়ংকৰ তথ্য ৷ সেই সময়ত বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ চলি আছিল পাঠদান ৷ এনে অৱস্থাতে বিদ্যালয়খনত কৰ’ণাৰ সংক্ৰমণ ঘটে ৷

লগতে পঢ়ক :শিৱসাগৰত ক'ভিড-19 প্ৰতিষেধকৰ সুৰক্ষা পালি প্ৰদান আৰম্ভ

ABOUT THE AUTHOR

...view details