অসম

assam

ETV Bharat / state

কেইবাটাও নিৰ্মীয়মান চৰকাৰী প্ৰকল্পত নলবাৰীৰ নৱনিযুক্ত উপায়ুক্তৰ - nalbari medical college

বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে জিলা উপায়ুক্ত গীতিমণি ফুকনে নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে ৷ লগতে কেইবাটাও নিৰ্মীয়মান আঁচনি পৰিদৰ্শন কৰে উপায়ুক্তগৰাকীয়ে ।

nalbari dc visit
কেইবাটাও নিৰ্মীয়মান চৰকাৰী প্ৰকল্প পৰিদৰ্শন নলবাৰীৰ নৱনিযুক্ত উপায়ুক্তৰ

By

Published : May 27, 2021, 9:22 PM IST

নলবাৰী,২৭ মে':নলবাৰী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে জিলা উপায়ুক্ত গীতিমণি ফুকনে নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে ৷ পৰিদৰ্শনৰ সময়ত মহাবিদ্যালয়খনৰ কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয় । আনহাতে চিকিৎসা মহাবিদ্যালয়ৰ আশে পাশে থকা শস্য ভূমিত পানী জমা হৈ থকাৰ পৰিপ্ৰেক্ষিতত কৃষকৰ বৃহৎ ক্ষতিসাধন হোৱাৰ কথা ৰাইজে জনোৱাৰ লগতে এইবেলি কেনেকৈ ইয়াৰ পৰা মুক্ত হ'ব পাৰে বা কৃষকে অসুবিধাত নপৰে তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷

কেইবাটাও নিৰ্মীয়মান চৰকাৰী প্ৰকল্প পৰিদৰ্শন নলবাৰীৰ নৱনিযুক্ত উপায়ুক্তৰ

ইফালে উপায়ুক্তগৰাকী ঘগ্ৰাপাৰত উপস্থিত হৈ ঘগ্ৰাপাৰৰ পৰা নলবাৰী চিকিৎসা মহাবিদ্যাল সংযোগী পথ আৰু নলাৰ নিৰ্মাণ কাৰ্যৰো বুজ লয় । উপায়ুক্তগৰাকীয়ে ঘগ্ৰাপাৰৰ দক্ষিণগাঁওস্থিত নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ যোৱাৰ আগমুহূৰ্তত ঘগ্ৰাপাৰৰ হাইস্কুলৰ সন্মুখত পথ-নলাৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত ৰাস্তাৰ কাষেৰে যোৱা নলা নিৰ্মাণ সম্পৰ্কে বুজ লয় ৷

কেইবাটাও নিৰ্মীয়মান চৰকাৰী প্ৰকল্প পৰিদৰ্শন নলবাৰীৰ নৱনিযুক্ত উপায়ুক্তৰ

এই সম্পৰ্কত ঘগ্ৰাপাৰ হাইস্কুলৰ সন্মুখেৰে যোৱা নলা আৰু বিদ্যালয়খনৰ পকীবেৰ সম্পৰ্কে বিদ্যালয় কৰ্তৃপক্ষৰ লগত এক আলোচনাত মিলিত হয় উপায়ুক্তগৰাকী ৷ উপায়ুক্ত গৰাকীয়ে বিদ্যালয়ৰ পকী বেৰ ভাঙি দিবলৈ অনুৰোধ জনাই যদিও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাকমুহূৰ্তত বেৰবোৰ ভাঙি দিয়াত অসুবিধাৰ সৃষ্টি হ'ব বুলি জনাই বিদ্যালয় কতৃপক্ষই । অৱশ্যে এই ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হ'ব অতি শীঘ্ৰেই অৱগত কৰিব বুলি উপায়ুক্ত গৰাকীয়ে জনায় ৷

লগতে পঢ়ক:চৰকাৰলৈ কি আহ্বান জনালে কণ্ঠশিল্পী কুসুম কৈলাশে ?

ABOUT THE AUTHOR

...view details