31 আগষ্টৰ পাছত সংঘটিত হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে সাজু নলবাৰীৰ জিলা তথা আৰক্ষী প্ৰশাসন - এন আৰ চি
এন আৰ চি সন্দৰ্ভত বুধবাৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ সংবাদ মেল
নলবাৰী, 28 আগষ্ট : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিৰ চুড়ান্ত তালিকা প্ৰকাশলৈ মাজত মাথো দুটা দিন । এন আৰ চি ক এতিয়া সৰ্বত্ৰে উৎকন্ঠা । নলবাৰীত এন আৰ চি সন্দৰ্ভত বুধবাৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেব চৌধুৰীয়ে সম্বোধন কৰে এখন সংবাদ মেল । এই সংবাদ মেল জৰিয়তে এন আৰ চি সম্পৰ্কে সষ্টম হোৱা নলবাৰী জিলা প্ৰশাসনৰ সকলো স্থিতি স্পষ্ট কৰে উপায়ুক্ত গৰাকীয়ে । উল্লেখযোগ্য যে এন আৰ চি প্ৰথম খচৰাৰ তালিকাত নলবাৰী জিলাত 38674 গৰাকী লোকৰ নাম বাদ পৰিছিল । ইয়াৰে 37683 গৰাকী লোকে পুনৰ আবেদন জনায় যদিও লক্ষ্যণীয় ভাৱে খচৰাত বাদ পৰা 991 গৰাকী লোকে পুনৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে নজনালে আবেদন । পুনৰ আবেদন কৰা, শুনানিৰ জৰিয়তে পুনঃৰীক্ষণ কৰা আৰু আপত্তি থকা লোক সকলৰ বৈধতাৰ ভিত্তিত হে নামবোৰ 31 তাৰিখে প্ৰকাশিত তালিকাত থাকিব বুলি সংবাদ মেলত স্পষ্ট কৰে উপায়ুক্ত গৰাকীয়ে ৷ একেদৰে নিৰাপত্তা তথা আইন শৃঙ্খলা ৰক্ষাৰ ক্ষেত্ৰত নলবাৰী জিলা আৰক্ষী সম্পুৰ্ণ ৰূপে সষ্টম বুলি ব্যক্ত কৰে সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক এচ সিঙে ৷