অসম

assam

ETV Bharat / state

নলবাৰীত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা - এমএমচিএইচ

নলবাৰী জিলাত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ শুকুৰবাৰৰ দিনটোত 117 গৰাকী লোক আক্ৰান্ত হৈছে ক’ভিডত ৷

nalbari_Covid_Update
নলবাৰীত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

By

Published : May 14, 2021, 10:40 PM IST

নলবাৰী, 14 মে’ :নলবাৰীত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । ক’ভিডৰ দ্বিতীয় ঢৌত নলবাৰী জিলাত মুঠ আক্ৰান্তৰ সংখ্যা 3167 গৰাকী । ইয়াৰে শুকুৰবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা হয় 117 গৰাকী । বৰ্তমানে জিলাখনত আক্ৰান্ত হৈ আছে 2070 গৰাকী লোক ৷ ইফালে হোম আইচলেশ্যনত আছে 1785 গৰাকী লোক ।

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 100 গৰাকী, বেলশৰ মোডেল হাস্পতালত 29 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত আছে 40 গৰাকী আৰু মহাত্মা গান্ধী মডেল হাস্পতালত খাটিকুছিত 30 গৰাকী আৰু নতুনকৈ নিৰ্মাণ কৰা সাৰথি হাস্পতালত 9 গৰাকী ক’ভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ থকাৰ কথা জানিব পৰা গৈছে ।

ইয়াৰ উপৰিও জিএমচিএইচ, এমএমচিএইচ আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়লৈ 77 গৰাকীক উন্নত চিকিৎসাৰ বাৱে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰা হৈছে জিলা স্বাস্থ্য বিভাগৰ তথ্যত ।

লগতে পঢ়ক:অসম আৰক্ষীত ব্যাপক ৰদ-বদল

ABOUT THE AUTHOR

...view details