নলবাৰী, 8 আগষ্ট : মুকালমুৱাস্থিত চন্দীমেধি বালিকা বিদ্যালয়ৰ ছাত্ৰী নিৱাসত স্থাপন কৰা ক'ভিড কেন্দ্ৰটোত উপযুক্ত সা-সুবিধা নথকাৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰটোত থকা ৰোগী সকলে। ৰোগীৰ সেৱাত নিয়োজিত কৰ্মচাৰী সকলে মাস্ক, পি পি ই কিট পৰিধান নকৰি ৰোগী সকলক চিকিৎসা সেৱা আগবঢ়াই থকাৰ অভিযোগ উত্থাপন হৈছে । নিম্ন মানৰ খাদ্য যোগান, খোৱা পানী অভাৱৰ লগতে অস্বাস্থ্যকৰ পৰিৱেশত ৰোগীক ৰখাৰো অভিযোগ উতথাপন কৰিছে ৰোগী সকলে ৷
নলবাৰীৰ ক'ভিড কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি - nalbari
ৰোগী সকলে সমগ্ৰ ঘটনা ভিডিও কৰি ভাইৰেল কৰিছে সামাজিক মাধ্যমত । তদুপৰি ক্ষোভিত ৰোগী সকলে চেণ্টাৰটোত নিয়োজিত বিষয়ববীয়াৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

নলবাৰীৰ ক'ভিড কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি
নলবাৰীৰ ক'ভিড কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি
কিন্তু ইয়াৰ পাছতো গুৰুত্ব নাই স্বাস্থ্য বিভাগ তথা চিকিৎসালয় কৰ্তৃপক্ষৰ । ইতিমধ্যে ৰোগী সকলে সমগ্ৰ ঘটনা ভিডিও কৰি ভাইৰেল কৰিছে সামাজিক মাধ্যমত। তদুপৰি ক্ষোভিত ৰোগী সকলে চেণ্টাৰটোত নিয়োজিত বিষয় ববীয়াৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
লগতে পঢ়ক : বিহাৰত বানৰ ভয়াৱহ ৰূপঃ এইপৰ্যন্ত মৃত্যু 23 জনৰ