অসম

assam

ETV Bharat / state

দেওবাৰে নলবাৰীত 37 গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত - ক'ভিড ৰোগী

বৰ্তমান ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা জিলাখনৰ ক'ভিড ৰোগীৰ সংখ্যা 1092 গৰাকী ৷ ইয়াৰে 909 গৰাকী হোম আইচলে'চনত আছে ৷

nalbari covid 19-update
দেওবাৰে নলবাৰীত 580 গৰাকীৰ ক’ভিড টেষ্ট সম্পন্ন

By

Published : Jun 6, 2021, 10:50 PM IST

নলবাৰী, 6 জুন: ক'ভিডৰ দ্বিতীয় ঢৌত নলবাৰী জিলাত মুঠ 5571 গৰাকী ক'ভিডত আক্ৰান্ত হৈছে ৷ যোৱা 24 ঘন্টাত জিলাখনত আক্ৰান্তৰ সংখ্য হৈছে 37 গৰাকী ৷ বৰ্তমান ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা জিলাখনৰ ক'ভিড ৰোগীৰ সংখ্যা 1092 গৰাকী ৷ ইয়াৰে 909 গৰাকী হোম আইচলে'চনত আছে ৷

জিলাখনৰ বৰ্তমানে ক'ভিড আক্ৰান্ত মুঠ ৰোগীৰ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 82 গৰাকী, বেলশৰ মোডেল হাস্পতালত 18 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত 17 গৰাকী, খাটিকুছি মহাত্মা গান্ধী মডেল হাস্পতালত 18 গৰাকী, সাৰথি হাস্পতালত 7 গৰাকী আৰু আদাবাৰী মডেল হাস্পতালত 4 গৰাকী ক'ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷ তদুপৰি GMCH, MMCH আৰু কালাপাহাৰ ক'ভিড চিকিৎসালয়লৈ 37 গৰাকী ক'ভিড ৰোগীক উন্নত চিকিৎসাৰ বাৱে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে নলবাৰী জিলা স্বাস্থ্য বিভাগে ৷

দেওবাৰে নলবাৰীত 580 গৰাকীৰ ক’ভিড টেষ্ট সম্পন্ন

উল্লেখ্য যে 24 ঘন্টাত জিলাখনত 60 গৰাকী ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৷ বৰ্তমান জিলাখনত 48 গৰাকী ক'ভিডত মৃত্যু হৈছে ৷ ইফালে আজিৰ দিনটোত জিলাখনৰ কেইবাখনো চিকিৎসালয় আৰু ক’ভিড পৰীক্ষা কেন্দ্ৰত ৰেপিড টেষ্ট সম্পন্ন কৰে 580 টা ৷

লগতে পঢ়কঃ নাওবৈচাত অপৰিৱৰ্তিত শিঙৰা নৈৰ বান পৰিস্থিতি

ABOUT THE AUTHOR

...view details