অসম

assam

ETV Bharat / state

Nalbari Congress : ছ'চিয়েল মিডিয়াক বিশেষ গুৰুত্ব কংগ্ৰেছৰ, বিজেপিক ক্ষুৰধাৰ সমালোচনা - ratul kalita in nalbari

নলবাৰীত কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ প্ৰশিক্ষণ শিবিৰত কেন্দ্ৰীয় নেতৃত্ব । বিজেপি, হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে কেতবোৰ বিষয়ত বিষ্ফোৰক মন্তব্য নেতৃত্বৰ ।

Nalbari Congress
নলবাৰীত কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 9:16 PM IST

নলবাৰীত কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ

নলবাৰী, ১২ অক্টোবৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতাৰ । বৃহস্পতিবাৰে নলবাৰী ৰাজীৱ ভৱন প্ৰাংগণত অনুষ্ঠিত সামাজিক মাধ্যমৰ প্ৰশিক্ষণ শিবিৰত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতা ।

ৰাতুল কলিতাৰ মন্তব্য- ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পত্নীৰ নামত সম্পত্তিৰ পাহাৰ গঢ়িছে । হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত পত্নীৰ নামত কাঞ্চনজুৰি ৰিজ’ৰ্ট নিৰ্মাণ কৰিছে ।’’ আনহাতে হিমন্ত বিশ্ব শৰ্মাই পত্নীৰ নামত চাহ বাগিচা ক্ৰয় কৰাৰ অভিযোগ কৰি যুৱনেতা ৰাতুল কলিতাই দিছপুৰ লাষ্টগেটৰ উৰণ সেতু উদ্বোধনৰ নামতো কেলেংকাৰী সংঘটিত হোৱা বুলি মন্তব্য কৰে । মুখ্যমন্ত্ৰীৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী নলবাৰী সদৰ সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাকো আক্ৰমণ কৰে ৰাতুল কলিতাই ।

মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক থকা-সৰকা কৰি ৰাতুল কলিতাৰ মন্তব্য- দক্ষতা বিকাশ বিভাগত সংঘটিত হৈছে অবাধ দুৰ্নীতি । ব্লেকলিষ্টেড কোম্পানীক কামৰ কিয় কামৰ সুবিধা দিয়া হৈছে বুলি মন্তব্য এই কোম্পানীসমূহৰ স্বতাধিকাৰৰ লগত জয়ন্তমল্ল বৰুৱাৰ কি সম্পৰ্ক বুলি প্ৰশ্ন ৰাতুল কলিতাৰ । ইফালে নলবৰীয়া ৰাইজৰ স্বাভিমান পবিত্ৰ হৰিমন্দিৰতো মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি ৰাতুল কলিতাই কয়- জয়ন্তমল্ল বৰুৱাই একাংশ অনুগামীক লগত লৈ নিজৰ স্বাৰ্থৰ বাবে হৰিমন্দিৰৰ গৰিমাত আঘাত হানিছে । বিনষ্ট কৰিছে হৰি মন্দিৰৰ ঐতিহ্য ।

ইফালে মুখ্যমন্ত্ৰীৰ গৃহসমষ্টিতে তেওঁক হত্যাৰ ভাবুকি দি কোনো অখ্যাত সংগঠনে পোষ্টাৰিং কৰা সন্দৰ্ভতো ৰাতুল কলিতাই প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । ৰাতুল কলিতাৰ মন্তব্য- হিমন্ত বিশ্ব শৰ্মাৰ এইবোৰ নিজে সৃষ্টি কৰা এখন নাটক । প্ৰচাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাই এইবোৰ কৰিছে । আনহাতে সামাজিক মাধ্যমৰ এই প্ৰশিক্ষণ শিবিৰত অংশ লৈ কংগ্ৰেছৰ সামাজিক মাধ্যম কোষৰ কেন্দ্ৰীয় অধ্যক্ষ বিনয় কুমাৰ ডাক'নিয়াৰ মন্তব্য সংবাদ মাধ্যমে বিৰোধীক সমৰ্থন নিদিয়ে । সংবাদ মাধ্যম চৰকাৰৰ মুখপাত্ৰ হৈ পৰিছে । দেশ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকাৰ সময়তে মোদীয়ে বিলাসিতাৰ নামত ব্যয় কৰিছে ধন । বিজেপিয়ে গণতন্ত্ৰৰ নামত জনসাধাৰণক টেটু চেপা দিছে ।

ইফালে বিজেপিৰ অমৃত কলহ যাত্ৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডাক'নিয়াৰ মন্তব্য- বিজেপিয়ে ইছ্যু সলনি কৰাৰ উদ্দেশ্যত এইবোৰ কৰিছে । বিজেপিয়ে কৰৰ দোহাইদি দেশত লুটৰাজ চলাই আছে ।

লগতে পঢ়ক:Kamalakhya Dey Purkayastha: ডিচেম্বৰৰ প‍াছত ভূমিকম্প হ’ব বিজেপিত, নাইকিয়া হৈ যাব দল : কমলাক্ষ দে' পুৰকায়স্থ

ABOUT THE AUTHOR

...view details