নলবাৰীত, 13 অক্টোবৰ : নলবাৰী জিলা ৰাজীৱ ভৱনত মঙলবাৰে ৰণডংকা নামেৰে এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা অনুশেষ শৰ্মা, অসম ৰাজ্যিক এন এছ ইউ আইৰ সাধাৰণ সম্পাদক অবিনাশ গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুত ভূঞা উপস্থিত থাকে ৷
সভাখনত উপস্থিত নেতা সকলে বি জে পি দলক তীব্ৰ সমালোচনা কৰে। বি জে পি দলে নান ধৰণৰ মিথ্যাচাৰৰ আশ্ৰয় লৈ শাসনৰ গাদী দখল কৰি বিভিন্ন দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে । ৰাজ্যত চলি থকা দুৰ্নীতিৰ তদন্তৰ দ্বায়িত্ব চিবিআইক অৰ্পণৰ দাবী জনায় কংগ্ৰেছৰ নেতা সকলে।