নলবাৰী, ১৭ নৱেম্বৰ :শিক্ষাবিদ জিতেন্দ্ৰ কুমাৰ জৈনক নলবাৰীত আটক । নলবাৰী আৰক্ষীয়ে আটক কৰিছে শিক্ষাবিদগৰাকীক । নলবাৰীৰ বাহাৰঘাটৰ পৰা জিতেন্দ্ৰ কুমাৰ জৈনক আটক কৰে আৰক্ষীয়ে । উল্লেখ্য যে জিতেন্দ্ৰ কুমাৰ জৈনে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় ৰক্ষাৰ দাবীত আন্দোলন চলাই আহিছে ।
চিকিৎসালয় সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক হৈছে জিতেন্দ্ৰ জৈন । আনহাতে, নলবাৰীৰ সৰ্বস্তৰৰ জনতাৰ স্বাস্থ্য ৰক্ষাৰ বাবে বিগত আঠমাহ ধৰি যুঁজ দি আহিছে চিকিৎসালয় সুৰক্ষা সমিতিয়ে । কিন্তু তাৰ মাজতে শুকুৰবাৰে বাহাৰঘাটৰ পৰা আটক কৰে শিক্ষাবিদগৰাকীয়ে । সম্প্ৰতি নলবাৰী আৰক্ষী থানাত ৰখা হৈছে জিতেন্দ্ৰ কুমাৰ জৈনক ।
উল্লেখযোগ্য যে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ দাবীত বৃহস্পতিবাৰেও এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই শ্বহীদ মুকুন্দ কাকতি হাস্পতাল মুকলি কৰাৰ পূৰ্বেও ৰূপায়ণ কৰা হৈছিল এক প্ৰতিবাদী কাৰ্যসূচী ।