নলবাৰী, 19 অক্টোবৰ : নলবাৰীৰ সমাজহিতৈষী নাগৰিক ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতাৰ বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৮৬ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে । সুদীৰ্ঘ ১৯৯৭ চনৰ পৰাই নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰিমন্দিৰক নেতৃত্ব প্ৰদান কৰা কলিতা ২০০৪ চনৰ পৰা ২০০৭ চনলৈ নলবাৰী পৌৰসভাৰ পৌৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতাৰ পৰলোকপ্ৰাপ্তি - নলবাৰীৰ চন্দ্ৰ কলিতাৰ পৰলোকপ্ৰাপ্তি
ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতাৰ নশ্বৰদেহ শ্ৰী শ্ৰী হৰিমন্দিৰৰ লগতে নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যলয়ৰ বাকৰিলৈ এক সমদল কৰি লৈ অহাৰ পিচত আছু , যুৱ-ছাত্ৰ পৰিষদ , সাংবাদিক সন্থাকে ধৰি জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
বৃহস্পতিবাৰে নিশা কলিতাৰ নশ্বৰ দেহ স্ব-গৃহ আহি পোৱাৰ পিচত শুকুৰবাৰে পুৱাৰ ভাগত জিলা উপায়ুক্ত, স্থানীয় বিধায়ক অশোক শৰ্মাই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্ৰী শ্ৰী হৰি মন্দিৰৰ লগতে নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যলয়ৰ বাকৰিলৈ কলিতাৰ নশ্বৰ দেহ এক সমদল কৰি লৈ অহাৰ পিচত আছু, যুৱ-ছাত্ৰ পৰিষদ, সাংবাদিক সন্থাকে ধৰি জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
উল্লেখযোগ্য যে মৃত্যুৰ সময়লৈকে চন্দ্ৰ কলিতা শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক প্ৰকল্পৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল । শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৫৪ আৰু ৭৬ সংখ্যক নলবাৰী অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি পদতো অধিষ্ঠিত হোৱা প্ৰয়াত কলিতা নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতিৰ লগতে অসম অলিম্পিক সন্থাৰো সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যুত শুকুৰবাৰে নলবাৰী চহৰত পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১ বজালৈ দোকান-পোহাৰ বন্ধ ৰাখি শোক পালন কৰা হয় ।