নলবাৰী, 28 অক্টোবৰঃ পোহৰৰ উৎসৱ দীপাৱলীক লৈ চৌদিশে সৃষ্টি হৈছে উখল মাখল পৰিৱেশৰ। ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰীৰো বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে শ্ৰীশ্ৰী শ্যামা পূজা। জিলাখনৰ বৰ্ণিবাৰীত এইবাৰ পাঁচ দিনীয়াকৈ আয়োজন কৰা হৈছে সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা।
30 ফুট উচ্চতাৰ কালী মূৰ্তি চাবলৈ ক'ত লাগিল হেতা ওপৰা ? - latest kali puja
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰীৰ বৰ্ণিবাৰীত পাঁচদিনীয়াকৈ আয়োজন কৰা হৈছে শ্ৰীশ্ৰী শ্যামা পূজা
30 ফুট উচ্চতাৰ কালী মূৰ্তি
ইফালে বৰ্ণিবাৰী পূজাথলীত নিশা ৩০ ফুট উচ্চতাৰ মা কালীৰ মূৰ্তি স্থাপন কৰাৰ পিছতে বৃহদাকাৰৰ কালীৰ মূৰ্তিটো চাবলৈ হেতা ওপৰা লাগে ভক্তগণৰ ৷ মন্দিৰৰ চৌহদত সৃষ্টি হয় উখল মাখল পৰিৱেশৰ ৷ উল্লেখযোগ্য যে,বিভিন্ন ধৰণৰ সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানো অনুষ্ঠিত হয় বৰ্ণিবাৰীৰ এই কালী পূজাখনত ৷