অসম

assam

ETV Bharat / state

6 দিনীয়া কাৰ্যসূচীৰে "নলবাৰী গ্ৰন্থমেলা" - Nalbari Bookfair will start from 12th December

১২ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ ৬ দিনীয়া কাৰ্যসূচীৰে নলবাৰী নাট্য মন্দিৰ আৰু শ্বহীদ ভৱন বাকৰিত অনুষ্ঠিত হ'ব নলবাৰী গ্ৰন্থমেলা ৷ এই গ্ৰন্থমেলাৰ উদ্ধোধন কৰিব অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড0 মালিনী গোস্বামীয়ে ৷

ETV BHARAT
6 দিনীয়া কাৰ্যসূচীৰে নলবাৰীত "নলবাৰী গ্ৰন্থমেলা"

By

Published : Dec 3, 2019, 9:57 PM IST

নলবাৰী,3 ডিচেম্বৰ:নলবাৰী নাট্য মন্দিৰ আৰু শ্বহীদ ভৱন বাকৰিত ১২ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ ৬ দিনীয়াকৈ অনুষ্ঠিত হ'ব নলবাৰী গ্ৰন্থমেলা ৷ মঙলবাৰে এই সন্দৰ্ভত নলবাৰী নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত সম্বোধন কৰা হয় এখন সংবাদমেলৰ ৷ সংবাদমেলৰ আত ধৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক তথা গ্ৰন্থ মেলাৰ সম্পাদক ভৱজিৎ বেজবৰুৱাই ৷ আনহাতে গ্ৰন্থ মেলাৰ কাৰ্যসূচী সন্দৰ্ভত বিস্তাৰিত ভাৱে বৰ্ণনা কৰে নলবাৰীৰ জিলা উপাযুক্ত তথা নলবাৰী গ্ৰন্থমেলাৰ সভাপতি ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷

6 দিনীয়া কাৰ্যসূচীৰে নলবাৰীত "নলবাৰী গ্ৰন্থমেলা"

উল্লেখ্য যে, ১২ ডিচেম্বৰত উদ্ধোধনী অনুষ্ঠানত উদ্ধোধক হিচাপে উপস্থিত থাকিব অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড0 মালিনী গোস্বামী আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা ৷ লগতে উপস্থিত থাকিব মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ, বিধায়ককে ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড0 সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে বিভিন্ন জন বিশিষ্ট ব্যক্তি ৷ আনহাতে ১৭ ডিচেম্বৰৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জনাই আয়োজক মণ্ডলীয়ে ৷ লগতে সামৰণিৰ নিশা সাংস্কৃতিক সন্ধ্যত থাকিব তৰালী শৰ্মা আৰু দিগন্ত ভড়ালীৰ গীতৰ শৰাই ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details