নলবাৰী, 15 চেপ্তেম্বৰঃ নলবাৰীৰ ঐতিহ্যমণ্ডিত বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে স্মৃতিগ্ৰন্থ উন্মোচন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ । মুকলি সভা উদ্বোধন কৰে সাংসদ কুইন ওজাই । মুকলি সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, 'বৰ্তমানৰ যুগ দক্ষতাৰ যুগ, এই যুগ কাৰিকৰী কৌশলৰ যুগ । এই সময়ত আমি যিয়ে যি কৰ্মত দক্ষ তেওঁক যথাযোগ্য সন্মান দিব লাগিব ।' বিধায়ক নাৰায়ণ ডেকাৰ সভাপতিত্বত অনুস্থিত মুকলি সভাত বক্তৃতা প্ৰদান কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই । ইপিনে সংবাদ মাধ্যমৰ মুখামুখি হৈ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে, শিক্ষক নিযুক্তিৰ বাবে চৰকাৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে যদিও এচাম স্বাৰ্থম্বেষী লোকে আদালতৰ দ্বাৰস্থ হৈ এই কাৰ্যত বিধি পথালি দিছে ।
NRC সন্দৰ্ভত পুনৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব আছু - aasu
বৰভাগ মহাবিদ্যালয়ক আদৰ্শ মহাবিদ্যালয় হিচাপে ঘোষণা কৰিবলৈ অসম চৰকাৰক দাবী জনালে সমুজ্জল ভট্টাচাৰ্যই । শিক্ষকে নিজৰ প্ৰাপ্য অধিকাৰ আৰু সন্মান নাপাই আত্মহত্যা কৰিবলগীয়া ঘটনা এখন চৰকাৰৰ বাবে চৰম দুৰ্ভাগ্যজনক কথা কথা বুলি কোৱাৰ লগতে সকলো বিদ্যালয়তে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিবলৈও দাবী জনায়
আনহাতে, বৰভাগ মহাবিদ্যালয়ক আদৰ্শ মহাবিদ্যালয় হিচাপে ঘোষণা কৰিবলৈ অসম চৰকাৰক দাবী জনালে সমুজ্জল ভট্টাচাৰ্যই । শিক্ষকে নিজৰ প্ৰাপ্য অধিকাৰ আৰু সন্মান নাপাই আত্মহত্যা কৰিবলগীয়া ঘটনা এখন চৰকাৰৰ বাবে চৰম দুৰ্ভাগ্যজনক কথা কথা বুলি কোৱাৰ লগতে সকলো বিদ্যালয়তে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিবলৈও দাবী জনায় আছু উপদেষ্টাগৰাকীয়ে ।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কে মন্তব্য কৰি সমুজ্জল ভট্টাচাৰ্যই কয়, নাগৰিকপঞ্জীৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে । চৰকাৰৰ ব্যৰ্থতাৰ বাবেই এখন আশা কৰা নাগৰিকপঞ্জী অসমে নাপালে বুলিও ব্যক্ত কৰে । নাগৰিকপঞ্জী সম্পৰ্কে আছুই পুনৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও মন্তব্য সমুজ্জল ভট্টাচাৰ্যৰ ৷