অসম

assam

ETV Bharat / state

বাৰঘৰীয়া বাৰগোপাল থানত 121 সংখ্যক ভোগালী মহোৎসৱ উদযাপন - Nalbari baraghariya bargopal than

নলবাৰীৰ বাৰঘৰীয়া বাৰগোপাল থানত উদযাপন কৰা হ’ল 121 সংখ্যক ভোগালী মহোৎসৱ ৷ 121 বছৰ পূৰ্বে বাৰ ঘৰ মানুহে মিলি এই থানখন স্থাপন কৰিছিল যাৰ বাবে ইয়াৰ নাম দিয়া হৈছিল বাৰঘৰীয়া বাৰ গোপাল থান ৷

As_nlb_baraghariya-bargopal-than-121th-bhogali-festival-celebration_Vis_AS10004
নলবাৰীৰ বাৰঘৰীয়া বাৰগোপাল থানত 121 সংখ্যক ভোগালী মহোৎসৱ উদযাপন

By

Published : Jan 14, 2021, 6:17 PM IST

Updated : Jan 14, 2021, 10:05 PM IST

নলবাৰী,14 জানুৱাৰী: তিনিদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হৈছে নলবাৰীৰ বাৰঘৰীয়া বাৰগোপাল থানৰ ভোগালী মহোৎসৱ । বাৰঘৰীয়া বাৰগোপাল থানত এইবেলি উদযাপন কৰা হৈছে 121 সংখ্যক ভোগালী মহোৎসৱ ৷ প্ৰতিবছৰে দোমাহীৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তই আহি ভিৰ কৰেহি এই থানখনত ৷ জনশ্ৰুতি মতে, এই থানখনত ভক্তই যি আশাৰে বন্তি জ্বলায় সেই আশাই পূৰ্ণ হয় ৷

নলবাৰীৰ বাৰঘৰীয়া বাৰগোপাল থানত 121 সংখ্যক ভোগালী মহোৎসৱ উদযাপন

উল্লেখ্য যে, 121 বছৰ পূৰ্বে বাৰ ঘৰ মানুহে মিলি এই থানখন স্থাপন কৰিছিল যাৰ বাবে ইয়াৰ নাম দিয়া হৈছিল বাৰঘৰীয়া বাৰ গোপাল থান ৷ প্ৰতিবছৰে লক্ষাধিক ভক্তৰ সমাগম হোৱা অনুষ্ঠানটিত নাই পৰ্যাপ্ত সুবিধা ৷ যাৰ বাবে থানখন উন্নত পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰৰ পৰ্যটন বিভাগক অনুৰোধ জনাইছে উদ্যোক্তাসকলে ৷

লগতে পঢ়ক-চিকাৰী তিছ'লৈ লিংগুইষ্টিক ছ’চাইটি অৱ আমেৰিকাৰ বঁটা প্ৰদান

Last Updated : Jan 14, 2021, 10:05 PM IST

ABOUT THE AUTHOR

...view details