নলবাৰী, 27 নৱেম্বৰ : নলবাৰী জিলা প্ৰশাসনে বেদখল উচ্ছেদ কৰাৰ নামত হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ কোনো আগতীয়াকৈ জাননী নিদিয়াকৈ উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ৷
নলবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান - বনশ্ৰী ডেকা
নলবাৰী চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এই ঘটনা ৷ হঠাৎ আৰক্ষীক লগত লৈ নলবাৰী চক্ৰ বিষয়া বনশ্ৰী ডেকাই ভাগ্যশ্ৰী মটৰ্চত অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভাগ্যশ্ৰী মটৰ্চৰ স্বত্বাধিকাৰী দিলীপ দাসে ৷

নলবাৰী চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এই ঘটনা ৷ হঠাৎ আৰক্ষীৰ এটা দলক লগত লৈ নলবাৰী চক্ৰ বিষয়া বনশ্ৰী ডেকাই ভাগ্যশ্ৰী মটৰ্চত অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভাগ্যশ্ৰী মটৰ্চৰ স্বতাধিকাৰী দিলীপ দাসে ৷
ভাগ্যশ্ৰী মটৰ্চৰ সঞ্চালক দিলীপ দাসে জনোৱা মতে, জিলা প্ৰশাসনে কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ উচ্ছেদ অভিযান চলায় । কেৱল দায়িত্ব সামৰাৰ বাবে আগদিনা নিশা গোপনে জাননী এখন ওলমাই থৈ যোৱা বুলি অভিযোগ উত্থাপন কৰে ভাগ্যশ্ৰী মটৰ্চৰ স্বতাধিকাৰী গৰাকীয়ে ৷
লগতে পঢ়ক: কৃষি আইনৰ বিৰোধিতাত কৃষকৰ দিল্লী চলো কাৰ্যসূচী: প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা