যৌতুকৰ বাবেই অগ্নিসংযোগ কৰি হত্যাৰ চেষ্টা বোৱাৰীক
নলবাৰীত যৌতুকৰ বাবে গাত কেৰাচিন ঢালি জ্বলাই দিয়াৰ অপচেষ্টা বোৱাৰীক
নলবাৰী,5 আগষ্টঃপুনৰ যৌতুকৰ বাবে সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা ৷ নলবাৰীৰ সুৰাদি-মেলপাৰাত সংঘটিত হৈছে এই ঘটনা ৷ দুই সন্তানৰ মাতৃৰ গাত কেৰাচিন তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টাৰ অভিযোগ ৷ স্বামী,দেওৰ আৰু ননদে মিলি হত্যাৰ চেষ্টা কৰাৰ অভিযোগ চানোৱাৰা বিবি নামৰ মহিলাগৰাকীৰ ৷ নলবাৰীৰ সুৰাদি-মেলপাৰাৰ আমিন আলী আৰু একে গাওঁৰে চানোৱাৰা বিবি নামৰ এইগৰাকী মহিলাৰ ৭ বছৰ পূৰ্বে বিয়া হৈছিল ৷ অভিযোগ অনুসৰি, দুটা সন্তান জন্মৰ পিছতো স্বামীগৃহই যৌতুক বিচাৰি চানোৱাৰা বিবিৰ ওপৰত চলাইছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন ৷