নলবাৰী, 16 ফেব্ৰুৱাৰীঃনলবাৰী জিলাৰ পৰা ৯৪ গৰাকী ৰোগীক অটল অমৃত অভিযানৰ সুবিধা লাভৰ বাবে প্ৰেৰণ কৰা হৈছে বিভিন্ন চিকিৎসালয়লৈ ৷ নলবাৰী জিলাৰ অটল অমৃত অভিযানৰ জিলা সমন্বয়ক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ২৯৭৩ গৰাকী ব্যক্তিয়ে লাভ কৰিছে এইন সুবিধা ৷ বিপৰীতে জিলা খনত এই আঁচনিৰ বাবে পঞ্জীকৰণ কৰিছে মুঠ ৩,৭৭,১৭২ গৰাকী লোকে ৷
নলবাৰীত কিদৰে চলিছে অটল অমৃত অভিযান? - নলবাৰী
অটল অমৃত অভিযানৰ সুবিধা লাভৰ বাবে নলবাৰীৰ বাহিৰলৈ প্ৰেৰণ কৰা হ'ব নলবাৰী জিলাৰ পৰা ৯৪ গৰাকী ৰোগীক ৷ কিয়নো এই কাৰ্ডৰ দ্বাৰা লাভ কৰা ৬ বিধ চিকিৎসা উপলব্ধ নাই নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৷
অটল অমৃত অভিযান
কিন্তু তাৎপৰ্যপুৰ্ণ কথাটো হ'ল যে, এই কাৰ্ডৰ দ্বাৰা বিনামূলীয়া চিকিৎসা লাভ কৰা ৬ বিধ ৰোগৰ চিকিৎসা উপলব্ধ নাই নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৷ সেয়েহে চিকিৎসাৰ বাবে প্ৰেৰণ কৰিব নলবাৰীৰ বাহিৰত ৷ ভাৰত চৰকাৰৰ এই আঁচনিৰ জৰিয়তে ৬ বিধ ৰোগৰ সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা কৰা হয় যদিও, বৰ্তমানলৈ নলবাৰীৰ বহু লোক অৱগত নহয় এই বিষয়ে ৷