নলবাৰী, 29 জানুৱাৰী :অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ এফালে শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে বিৰোধী ৰাজনৈতিক দল সমূহেও বিভিন্ন নিৰ্বাচনী ৰণকৌশল অৱলম্বন কৰি শাসকীয় দলক শ’লঠেকত পেলোৱাৰো প্ৰয়াস কৰিছে ৷
অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়েও ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ শুকুৰবাৰে নৱ গঠিত ৰাজনৈতিক দলটোৱে নলবাৰীত নিৰ্বাচনী কুচ-কাৱাজ চলোৱা পৰিলক্ষিত হয় ৷
নলবাৰীত শুকুৰবাৰে অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয় ৷ নলবাৰী নাট্যমন্দিৰত দলটোৰ কেন্দ্ৰীয় সম্পাদক তথা নলবাৰী জিলা সমিতিৰ পৰ্য্যবেক্ষক দেৱজিত অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় এজেপিৰ অধিৱেশনখন ৷