নলবাৰী,26ছেপ্টেম্বৰ :নলবাৰী জিলাৰ জাজিয়াবাৰীত ভয়ংকৰ ঘটনা ৷ মাত্ৰ দহ টকাৰ বাবে এগৰাকী যুৱকে অন্য দুগৰাকী যুৱকক আক্ৰমণ কৰে এছিডৰে ৷ এছিড আক্ৰমণৰ বলি হোৱা যুৱক দুজন সত্যজিৎ কলিতা ৰণজিৎ বৈশ্য বুলি জানিব পৰা গৈছে ৷ যুৱক দুজনক সংকটজনক অৱস্থাত গুৱাহাটী জিএমচিএইছলৈ প্ৰেৰণ কৰা হয় ৷
মাত্ৰ 10টকাৰ বাবে যুৱকৰ গাত ঢালিলে এছিড - ৰনজিৎ বৈশ্য
নলবাৰী জিলাৰ জাজিয়াবাৰীত মাত্ৰ দহ টকাৰ বাবে প্ৰণৱ লহকৰ নামৰ এজন লোকে এছিডেৰে আক্ৰমণ কৰে সত্যজিৎ কলিতা আৰু ৰণজিৎ বৈশ্য নামৰ দুজন যুৱকক ৷ কোনো কথাক লৈ বাত-বিতণ্ডাৰ সৃষ্টি হোৱাৰ পাছতে প্ৰণৱ লহকৰে আক্ৰমণ কৰে যুৱক দুজনক ৷ ঘটনা সন্দৰ্ভত দাখিল কৰা হৈছে এজাহাৰ ৷
প্ৰাপ্ত তথ্য অনুসৰি,ৰণজিৎ বৈশ্যই দোকানত বস্তু ক্ৰয় কৰি থকাৰ সময়ত কোনো কথাকলৈ বাক বিতণ্ডতাৰ সৃষ্টি হয় দোকানৰ স্বতাধিকাৰী প্ৰণৱ লহকৰৰ সৈতে ৷ তাৰ পাচতে প্ৰণৱে সত্যজিৎ কলিতা আৰু ৰণজিৎ বৈশ্যৰ গালৈ দলিয়াই দিয়ে এছিড ৷ যাৰ ফলত গুৰুতৰ ভাৱে আহত হয় সত্যজিৎ কলিতা ৷ সত্যজিৎ কলিতাক সংকটজনক অৱস্থাত গুৱাহাটী জি এম চি এইছলৈ প্ৰেৰণ কৰা হয় ৷ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা সত্যজিতে জাজিয়াবাৰীত এখন শাক পাচলিৰ দোকান দি কোনো মতে জীৱন নিৰ্বাহ কৰিছিল বুলি প্ৰকাশ কৰে স্থানীয় লোকে ৷
অন্য এক খবৰৰ বাবে: বিশ্বৰ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগটো মুকলিৰ দিশে ভাৰত