অসম

assam

ETV Bharat / state

নলবাৰীত জাৰি ১৪৪ ধাৰা

সৰ্বসাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি সম্ভাৱ্য বিপদৰ আশংকা কৰি নলবাৰী জিলাখনত ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হয় । আগতীয়া অনুমতি অবিহনে কোনো ৰাজহুৱা স্থানত কোনো ধৰ্ণা, সমদল, শোভাযাত্ৰা, অৱস্থান ধৰ্মঘট, শ্লোগান দিয়া ,সভা অনুষ্ঠিত কৰিব নোৱাৰিব ।

By

Published : Jan 23, 2021, 5:50 PM IST

নলবাৰীত জাৰি ১৪৪ ধাৰা
নলবাৰীত জাৰি ১৪৪ ধাৰা

নলবাৰী , ২৩ জানুৱাৰী : ৰাজ্য়ত পুনৰ আৰম্ভ হৈছে কা বিৰোধী প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শেহতীয়াকৈ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত দল-সংগঠনে প্ৰতিবাদ সাব্য়স্ত কৰা দেখা গৈছে । নলবাৰী জিলাতো বিগত কেইটামান দিনত বিভিন্ন দল-সংগঠনে প্ৰতিবাদৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে । যাৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি সম্ভাৱ্য বিপদৰ আশংকা কৰি নলবাৰী জিলাখনত ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হয় ।

দণ্ডাধীশ পূৰৱী কোঁৱৰে সমগ্ৰ জিলাখনত প্ৰযোজ্য হোৱাকৈ জাৰি কৰা ১৪৪ ধাৰা অনুসৰি কোনো ৰাজহুৱা স্থানত ৫জন বা ততোধিক লোকে আগতীয়া অনুমতি অবিহনে সমবেত হ'ব নোৱাৰিব । আগতীয়া অনুমতি অবিহনে কোনো ৰাজহুৱা স্থানত কোনো ধৰ্ণা, সমদল, শোভাযাত্ৰা, অৱস্থান ধৰ্মঘট, শ্লোগান দিয়া ,সভা অনুষ্ঠিত কৰিব নোৱাৰিব। অনুমতি অবিহনে জিলাখনত কোনো মেলা আদি অনুষ্ঠিত কৰিব নোৱাৰিব ।

দুচকীয়া যানত দুজন লোকে যাত্ৰা কৰিব নোৱাৰিব । অৱশ্যে মহিলা আৰু জ্যেষ্ঠ নাগৰিক আৰু ১২ বছৰ বয়সৰ তলৰ শিশুক দুচকীয়া বাহনত দুজনে যাত্ৰা কৰিব পাৰিব । আনহাতে বাহনত ৰঙীন গ্লাছ ব্যৱহাৰ কৰিব নোৱাৰিব । অনুমতি অবিহনে মুকলি ঠাইত মাইক্ৰ’ফোন ব্যৱহাৰ কৰিব নোৱাৰিব । মুকলিকৈ কোনো লোকে লাঠী, দা আদি বিপজ্জনক অস্ত্ৰ-শস্ত্ৰ , বিস্ফোৰক সামগ্ৰী আদি লৈ ফুৰিব নোৱাৰিব ।

লগতে পঢ়ক :কলগাছিয়াত কৃষক মুক্তিৰ ক'লা দিন পালন

ABOUT THE AUTHOR

...view details