নলবাৰী, 31 আগষ্ট :ৰাজ্যত আকৌ বলিছে নিৰ্বাচনৰ বতাহ ৷ নিৰ্বাচন মানে অসম বিধানসভাৰ উপ-নিৰ্বাচন ৷ হয় বিগত অসম বিধানসভাত নিৰ্বাচনত বিজেপি মিত্ৰজোটে সংখ্যা গৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু তাৰ পাচতে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত ব্যাপক পট পৰিৰ্ৱতন হৈছিল ৷
কেইবাগৰাকী বিৰোধীদলৰ বিধায়কে বিজেপি দলত যোগদান কৰাৰ পাচতে খালি হৈ পৰিছে সেই আসন কেইখন ৷ ইয়াৰ লগত ক’ভিড মহামাৰীতো মৃত্যু হৈছিল দুগৰাকীকৈ বিধায়কৰ ৷ এতিয়া ৰাজ্যত 6 টা বিধাসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাতো চূড়ান্ত হৈ পৰিছে ৷
ভূপেন বৰাৰ সৈতে গোপন বৈঠকত মিলিত নৱ শৰণীয়া এই উপ-নিৰ্বাচনকলৈ এতিয়া সকলো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে ৷ পিছপৰি ৰোৱা নাই শাসক বিৰোধী ৷ তাৰমাজতে নলবাৰীত এক বিশেষ বৈঠকত মিলিত হোৱা দেখা গ’ল নৱ শৰণীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ৷ নলবাৰীৰ আৰ্ৱত ভৱনত গোপন বৈঠকত মিলিত হয় দুই নেতা ৷
লগতে পঢ়কঃ অসম-মেঘালয় সীমান্তত দুৰ্বৃত্তৰ গুলীত নিহত যুৱক
বৈঠকখনৰ পাচতে সংবাদ মাধ্যমৰ আগত নৱ শৰণীয়াই কেতবোৰ বিস্ফোৰক মন্তব্য কৰা দেখা যায় উপ-নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত ৷ শৰণীয়াই কয় যে, বিটিচি ৰাইজৰ স্বাথৰ্ত কংগ্ৰেছৰ লগত বুজাবুজি কৰিবলৈ আগ্ৰহী উপ-নিৰ্বাচনত ৷ একেদৰে ভূপেন বৰায়ো বিটিচিৰ অসমীয়া ৰাইজ বাবে দায়বদ্ধতাৰে কাম কৰিব বিচাৰে ৷ গতিকে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব বিচাৰে শৰণীয়াই ৷
আনহাতে উপ-নিৰ্বাচনত ভবানীপুৰ সমষ্টিটো কংগ্ৰেছৰ জয় সম্পূৰ্ণ সম্ভাৱনা আছে বুলিও কয় নৱ শৰণীয়াই ৷ ইয়াৰ লগতে উপ-নিৰ্বাচনত বিটিচিৰ দুয়োখন আসনতে গণ সুৰক্ষা পাৰ্টীয়ে জয় লাভ কৰোতো নিশ্চিত বুলি কয় নৱ শৰণীয়াই ৷ লক্ষ্যণীয়ভাৱে ভূপেন বৰাৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গৈছে নৱ শৰণীয়াক ৷ তাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো তীব্ৰ ভাৱে সমালোচনা কৰা দেখা যায় নৱ শৰণীয়াক ৷
লগতে পঢ়কঃ বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে তিনিটাকৈ বন ঘৰচীয়া ঘোঁৰাৰ
মোডীক সমালোচনা কৰি নৱ শৰণীয়াই কয়, দেশৰ সম্পদ বিক্ৰী কৰি শেষ কৰিব ধৰিছে মোডীয়ে ৷ সেইহে প্ৰধানমন্ত্ৰীৰ কাৰ্যত সুখী নহয় তেওঁ ৷ সেয়হে সকলো বিৰোধী দল এক হ’লে আগন্তুক 2024 লোকসভা আৰু 2026 ত অমস বিধানসভা নিৰ্বাচন বিজেপিক প্ৰতিহত কৰিবলৈ সক্ষম হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে নৱ শৰণীয়াই ৷
ইপিনে ভূপেন বৰাই সাংবাদিকৰ আগত সদৰি কৰে যে, আগন্তুক উপ-নিৰ্বাচনৰ বাবে নৱ শৰণীয়াৰ পৰা সহায় আৰু পৰামৰ্শ বিচাৰি তেওঁৰ কাষলৈ আহিছে ৷ কিয়নো নৱ শৰণীয়া এগৰাকী অভিজ্ঞ ৰাজনীতিক ব্যক্তি ৷ একেসময়তে অখিল গগৈক সমালোচনাৰ লক্ষ্য কৰি লয় ভূপেন বৰাই ৷
বৰাই কয়, নতুন দিল্লীত পীযুষ হাজৰিকাৰ লগত গোপন বৈঠকত বহাৰ পাছত আৰু কংগ্ৰেছক সমালোচনা কৰা অখিল গগৈৰ কথাত কংগ্ৰেছে গুৰুত্ব প্ৰদান নকৰে ৷ লগতে ভূপেন বৰাই আৰু কয় যে, পূৰ্ৱে কংগ্ৰেছ চলিছিল ৰাজীৱ ভৱনৰ পৰা এতিয়া কংগ্ৰেছ চলিব তৃণমূল কৰ্মীৰ মতামতত ৷
লগতে পঢ়কঃ কাজিৰঙাৰ মাজেৰে গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি