অসম

assam

BJP Yuva Morcha : নলবাৰী বিজেপি যুৱ মৰ্চাৰ সভাপতি পদ হেৰুৱালে হেমন্ত বৰ্মনে

By

Published : May 12, 2023, 12:55 PM IST

Updated : May 13, 2023, 6:42 AM IST

সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰাৰ পিছতে সলনি বিজেপিৰ নলবাৰী জিলা যুৱ মৰ্চাৰ সভাপতি । হেমন্ত বৰ্মনক আঁতৰাই মৃগাংক দাসক নতুন দায়িত্ব (BJP yuva morcha president changed in Nalbari) ।

BJP Yuva Morcha
BJP Yuva Morcha

নলবাৰী, ১২ মে' : ৰাজ্যিক বিজেপিৰ ভিতৰচ'ৰাত দলীয় কাৰ্যকৰ্তাৰ ক্ষোভৰ বহিঃপ্ৰকাশ (anger among workers in Assam BJP) । জানিব পৰা মতে, ইজনৰ পিছত সিজন নেতা-কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰাৰ পিছত দলটোৰ ওপৰ মহলত হৈছে তীব্ৰ চাঞ্চল্য । উল্লেখ্য যে কিছুদিন পূৰ্বে বঙাইগাঁৱত জিলা বিজেপিৰ সভাপতিৰ লবীকেন্দ্ৰিক নীতি-আদৰ্শৰ প্ৰতি বিতুষ্ট হৈ সমূহীয়াভাৱে দলৰ পদবীৰ পৰা বহু মণ্ডল পৰ্যায়ৰ নেতাই (BJP leaders resign in Assam) পদত্যাগ কৰাৰ খবৰ ওলাইছিল ।

তাৰ সমান্তৰালকৈ নলবাৰীতো দেখা গৈছিল দলটোৰ নলবাৰী জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতিৰ ক্ষোভ । যুৱ মৰ্চাৰ সভাপতিগৰাকীয়ে নিজৰ সামাজিক মাধ্যম ফেচবুকযোগে বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি আপলোড কৰিছিল কেইবাটাও পোষ্ট (Nalbari BJP yuva morcha president facebook post) ।

তিনিদিন পূৰ্বে মন্ত্ৰীগৰাকীয়ে মণ্ডল পৰ্যায়ৰ নেতাক আমন্ত্ৰণ জনাই জিলা পৰ্যায়ৰ সভাপতিগৰাকীক কোনো ধৰণৰ খবৰ নিদিয়া বুলি অভিযোগ কৰি ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল । য'ত যুৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মনে মন্ত্ৰীগৰাকীয়ে তেওঁক কিয় খবৰ নিদিলে বুলি প্ৰশ্ন উত্থাপন কৰিছিল (BJP yuva morcha president changed in Nalbari) ।

তাৰ সমান্তৰালকৈ হেমন্ত বৰ্মনে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই মণ্ডল সভাপতিসকলক আমন্ত্ৰণ জনাই কৰা কাম-কাজৰ বিষয়ে অথবা দলীয় কাৰ্যক্ষেত্ৰৰ পদক্ষেপ কাৰোবাৰ ঘৰত, কাৰোবাৰ দোকানত তালিকা বনোৱা কাৰ্য কংগ্ৰেছৰ পৰম্পৰা বুলিও বিষ্ফোৰক পোষ্ট আপলোড কৰিছিল (minister Jayanta Malla Baruah) । এই সকলোবাৰ পোষ্ট সামাজিক মাধ্যম কিম্বা সংবাদ মাধ্যমত ভাইৰেল হোৱাৰ পিছত বৃহস্পতিবাৰে দলটোৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা ভাৰতীয় যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰত দেখা গ'ল দলটোৱে ভিতৰি ব্যৱস্থা গ্ৰহণ কৰা আন এক তথ্য ।

য'ত পূৰ্বৰ জিলা যুৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মনক সভাপতিৰ পদৰ পৰা আঁতৰাই মৃগাংক দাসক নলবাৰী জিলা যুৱ মৰ্চাৰ সভাপতিৰূপে নিযুক্তি দিয়ে । পত্ৰখন পোৱাৰ পিছৰে পৰা এতিয়া দলটোৰেই বহু কৰ্মীৰ মাজত চলিছে তীব্ৰ চৰ্চা । উল্লেখযোগ্য যে দলটোত ভিতৰি চলি থকা বিক্ষোভ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো সংবাদ মাধ্যমৰ আগত এয়া কোনো ক্ষোভ নহয় বুলি ব্যক্ত কৰিছিল ।

বৃহস্পতিবাৰৰ পত্ৰখনৰ পিছত এতিয়া এটা কথা স্পষ্ট যে দলটোৰ বহু এনে নেতা-কৰ্মীৰ মাজত চলি থকা বিক্ষোভে দলটোৰ ভিতচ'ৰাত যে জোকৰণি তুলিছে, সেয়া নুই কৰিব নোৱাৰি ।

লগতে পঢ়ক :Enact law to stop polygamy: বহুবিবাহ বন্ধৰ আইন প্ৰণয়নৰ বাবে চৰকাৰে গঠন কৰিলে বিশেষজ্ঞ সমিতি

Last Updated : May 13, 2023, 6:42 AM IST

ABOUT THE AUTHOR

...view details