অসম

assam

ETV Bharat / state

নলবাৰীৰ পৰাই 'মন কী বাত' অনুষ্ঠান শুনিলে সাংসদ দিলীপ শইকীয়াই

নলবাৰীত উপস্থিত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ৷ নলবাৰীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'মন কী বাত' অনুষ্ঠান শুনিলে সাংসদ গৰাকীয়ে ৷

By

Published : Nov 29, 2020, 5:06 PM IST

mp-dilip-saikia-participates-in-narendra-modis-mann-ki-baat-program-in-nalbari
নলবাৰীৰ পৰাই 'মন কী বাত' অনুষ্ঠান শুনিলে সাংসদ দিলীপ শইকীয়াই

নলবাৰী, 29 নৱেম্বৰ : দেওবাৰে নলবাৰীৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'মন কী বাত' অনুষ্ঠান শুনিলে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ৷ নলবাৰী জিলাৰ বৰভাগৰ পূৰ্ণকামদেৱ মোমাই তোলাৰ বুথট 'মন কী বাত' অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ আহ্বানত অসমৰ 28000 বুথত একেলগে 'বুথ কী বাত' শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানৰ পৰাই 'মন কী বাত' অনুষ্ঠান শুনিলে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ লগতে উপস্থিত ৰাইজে ৷

নলবাৰীৰ পৰাই 'মন কী বাত' অনুষ্ঠান শুনিলে সাংসদ দিলীপ শইকীয়াই

অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত সাংসদ গৰাকীয়ে কয় যে, বুথ সবল হ'লেহে ৰাজনৈতিক দল এটাই জয়লাভ কৰে ৷ তদুপৰি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত অসমত প্ৰায় 20 হেজাৰ কিলোমিটাৰ পঁকী পথ নিৰ্মাণ কৰা হৈছে বুলি দাবী জনায় সাংসদ গৰাকীয়ে ৷

লগতে পঢ়ক :অন্ত পৰিল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিল

ABOUT THE AUTHOR

...view details