নলবাৰী,14 মাৰ্চ:কংগ্ৰেছে বদৰুদ্দিন আজমলৰ ওচৰত আঁঠু লৈ অসমক বিদেশীৰ ওচৰত বন্ধকত থব বিচাৰিছে । দেওবাৰে নলবাৰীত বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি এইদৰে কয় সাংসদ দিলীপ শইকীয়াই । নলবাৰীৰ অগপৰ জিলা মুখ্য কাৰ্যালয়ৰ বাকৰিত দেওবাৰে নলবাৰী সমষ্টিৰ বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় ।
উক্ত অনুষ্ঠানত বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা, জিলা সভাপতি মৃগাংক তালুকদাৰ আদি উপস্থিত থাকে । কাৰ্যালয়টো মুকলি কৰি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দিলীপ শইকীয়াই কয়, এইবাৰ বৰাক উপত্যকাত আৰু নামনি অসমত বিজেপিৰ আসনৰ সংখ্যা বৃদ্ধি পাব ।