অসম

assam

ETV Bharat / state

Gunotsav 2022: নলবাৰীত শিক্ষকৰ ৰূপত সাংসদ আব্দুল খালেক - নলবাৰীত শিক্ষকৰ ৰূপত সাংসদ আব্দুল খালেক

ৰাজ্যত চলি থকা 'গুণোৎসৱ'ৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীত নলবাৰীৰ বনগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ ৰূপত দেখা গ’ল সাংসদ আব্দুল খালেকক (MP Abdul Khaleque attend Gunotsav 2022) ৷

MP Abdul Khaleque attend Gunotsav 2022 in Nalbari
নলবাৰীত শিক্ষকৰ ৰূপত সাংসদ আব্দুল খালেক

By

Published : Jun 3, 2022, 7:50 PM IST

নলবাৰী, 3 জুন:বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav in Assam 2022) । গুণোৎসৱৰ বাবে সকলো চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী ব্যস্ত হৈ পৰিছে ।

সামান্তৰালভাৱে নলবাৰীতো আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৷ জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক, ছাত্ৰ-ছাত্ৰী এতিয়া ব্যস্ত গুণোৎসৱক লৈ । ব্যতিক্ৰম নহয় নলবাৰীৰ বনগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ো ৷

নলবাৰীত শিক্ষকৰ ৰূপত সাংসদ আব্দুল খালেক

'গুণোৎসৱ'ৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীত শুকুৰবাৰে পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ ৰূপত দেখা গ'ল বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকক (MP Abdul Khaleque attend Gunotsav 2022) ৷

বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীকোঠাত সোমাই শিক্ষাৰ্থীৰ সৈতে সাংসদগৰাকীয়ে মত বিনিময় কৰাৰ উপৰিও বিদ্যালয়খনৰ সমস্যা সন্দৰ্ভতো বুজ লয় । সাংসদগৰাকীয়ে বিদ্যালয়খনত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এটা বিজ্ঞানাগাৰৰ দ্বাৰ মুকলি কৰে ৷

তেওঁ বিদ্যালয়খনৰ পুথিভঁৰাললৈ 25 হাজাৰ টকাৰ অনুদান আগবঢ়ায় ৷ ইয়াৰ পাছতে সাংসদ আব্দুল খালেকে বিহামপুৰ চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়খন পৰ্যবেক্ষণ কৰে ৷ উল্লেখ্য যে জিলাখনৰ 1,227 খন চৰকাৰী বিদ্যালয়ত বুধবাৰে স্ব-মূল্যায়ন সম্পন্ন হোৱাৰ পাছত এতিয়া প্ৰতিখন বিদ্যালয়তে বহিঃমূল্যায়কৰ দ্বাৰা বিদ্যালয়সমূহ মূল্যায়ণ কৰা হ’ব ৷

লগতে পঢ়ক :মন্ত্ৰীসভাঃ দুই মিত্ৰদলৰ পৰা অন্তৰ্ভুক্ত হ'বনে কোনোবা ?

ABOUT THE AUTHOR

...view details